কাজিৰঙা পৰিভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা– দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাহিলিপুৱাই কাজিৰঙা পৰিভ্ৰমণ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্রবেশদ্বাৰ কঁহৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰী কৰে।থমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতি বিশ্বস্ত দতাল হাতী ‘প্রদ্যুম্ন’ৰ পিঠিত উঠি তেওঁ কাজিৰঙাৰ অপূর্ব প্রাকৃতিক সৌন্দর্য উপভোগ কৰে। প্ৰধানমন্ত্ৰীগৰাকীক প্রদ্যুম্নৰ পিঠিত লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগ ভ্ৰমণ কৰোৱায় অভিজ্ঞ মাউত ৰাজু গোৱালাই। ভাৰতীয় সেনা বাহিনীৰ পোছাক আৰু মুৰত কাওবয় হেড পৰিধান কৰি হাতীৰ পিঠিৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্রত্যক্ষ কৰিলে এশিঙীয়া গঁড়, পহু, হৰিণ আৰু বহু জীৱ-জন্তু। প্ৰায় ২০ মিনিটৰো অধিক সময় ধৰি হাতীৰ পিঠিত কাজিৰঙা পৰিদৰ্শনৰ পাছত খোলা জীপত উঠি জীপ ছাফাৰীও কৰে। জীপ ছাফাৰীৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সঞ্চালকগৰাকীক ৰাষ্ট্ৰীয় উদ্যানখন সন্দর্ভত বিভিন্ন প্রশ্ন কৰাৰ লগতে এলিভেটেড কৰিড’ৰ সম্পৰ্কেও সবিশেষ তথ্য লয়। প্রধানমন্ত্ৰীগৰাকীয়ে জীপচালক ইবোচা সিঙৰ লগতো বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ জীপ ছাফাৰীৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ কাৰণে নৱগঠিত মহিলা বনৰক্ষী দল ‘বন দুর্গা’ৰ ৩৬গৰাকী বীৰাংগনাৰ সৈতে মত বিনিময় কৰে। বনৰক্ষীসকলক মা দুর্গাৰ দৰে শক্তিশালী ৰূপত অৰণ্য আৰু বন্যপ্রাণীক সংৰক্ষণ দিবলৈ আহ্বান জনায়। বন দুর্গা দলৰ নিষ্ঠা আৰু সাহসক প্রশংসাও কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তদুপৰি তেওঁ কাজিৰঙা ভ্ৰমণৰ সময়ত পর্যটকে ব্যৱহাৰ কৰা লক্ষীমাই, প্রদ্যুম্ন আৰু ফুলমাই নামৰ হাতীকেইটাক কুঁহিয়াৰ খুৱায়। ইফালে, কাজিৰঙা পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত বিশ্ববাসীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দর্য উপভোগ কৰিবলৈ আহ্বান জনায়। মেলেং মেটেলি খেলপথাৰত অনুষ্ঠিত বৃহৎ ৰাজহুৱা সভাতো ৰাষ্ট্ৰীয় উদ্যানখন সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- এশিঙীয়া গঁড়ৰ ৭০ শতাংশ কাজিৰঙাত আছে। ই এক অনন্য ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল। ইয়াৰ জৈৱ-বৈচিত্র্য সঁচাকৈ আকর্ষণীয়। এশিঙীয়া গঁড়ৰ লগতে জলাশয়, হৰিণ, বাঘ, হাতী, বন্য ম’হ আদি বন্যপ্রাণী প্রত্যক্ষ কৰি মই অভিভূত। প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ গাফিলতিৰ ফলত কিদৰে গঁড় হত্যা কৰা হৈছিল, সেই দিশ উল্লেখ কৰি কয়- ২০১৩ চনত এবছৰতে ২৭টা গঁড় নিধন কৰা হৈছিল। বিজেপি চৰকাৰ অহাৰ পিছত গঁড়ক সুৰক্ষা দিয়াৰ বিশেষ পদক্ষেপ লোৱা হয়। যাৰ বাবে ২০২২ চনত এটাও গঁড় নিধন হোৱা নাছিল। প্রধানমন্ত্ৰীয়ে কাজিৰঙাৰ সোণালী জয়ন্তী বর্ষত অসমবাসীক শুভেচ্ছা জনায় আৰু দেশবাসীক ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰাৰ বাবেও আহ্বান জনায়।