কাছাৰ জিলাৰ শিশুস্বৰ্থত বিশেষ অৱদান, আৰ.বি.এছ.কে. ম’বাইল স্বাস্থ্য দলে লাভ কৰিলে সন্মান
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শিশুস্বৰ্থত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবদ কাছাৰ জিলাৰ তিনিটা আৰ.বি.এছ.কে. (ৰাষ্ট্ৰীয় বল স্বাস্থ্য কাৰ্যসূচী) ম’বাইল স্বাস্থ্য দলে গৌৰৱজনক সন্মান লাভ কৰিছে। লগতে, ব্যক্তিগত দক্ষতা আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপ তিনিজন বিশিষ্ট স্বাস্থ্য কৰ্মীকো বিশেষভাৱে সন্মানিত কৰা হয়। মঙলবাৰে শিলচৰ চিভিল হাস্পতালত অনুষ্ঠিত জিলাস্তৰীয় পৰ্যালোচনা বৈঠকত এই সন্মাননা আগবঢ়োৱা হয়, য’ত শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ প্ৰতিনিধিও উপস্থিত থাকে।
এই বৈঠকত জিলাৰ বিভিন্ন স্বাস্থ্য ব্লকসমূহৰ কাৰ্যসম্পাদন পৰ্যালোচনা কৰে স্বাস্থ্য বিভাগৰ যুগ্ম সঞ্চালক ডাঃ শিৱানন্দ ৰায়, এন.এচ.এচ.এম. জিলাৰ পৰিকল্পনা পৰিচালক ৰাহুল ঘোষ, সমন্বয়ক ইকবাল বাহাৰ লস্কৰ, ডি.এম.ই. ডাঃ গুলবাহাৰ ৰাজ আৰু এ.ডি.ডি.এম. আছিয়া চৌধুৰীয়ে। বৈঠকত ডাঃ ৰায়ে স্বাস্থ্য সেৱাৰ বিভিন্ন চ্যালেঞ্জ চিহ্নিত কৰি সংশ্লিষ্ট দলসমূহক ফেব্ৰুৱাৰী মাহৰ ভিতৰত সমস্যাসমূহ সমাধান কৰাৰ নিৰ্দেশ দিয়ে। লগতে, শিশুস্বৰ্থত আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্যসচেতনতা বৃদ্ধিত আৰ.বি.এছ.কে.-ৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাও অনুষ্ঠিত হয়।
২০২৪-২৫ বিত্তীয় বৰ্ষত উৎকৃষ্ট কাৰ্যসম্পাদনৰ ভিত্তিত স্বাস্থ্য দলসমূহক সন্মানিত কৰা হয়। লক্ষ্মীপুর স্বাস্থ্য ব্লকৰ আৰ.বি.এছ.কে. দলে ৭,২৩৬ গৰাকী শিশুকে ৰেফাৰ আৰু ৭,০২২ গৰাকীক বিনামূলীয়া চিকিৎসা আগবঢ়োৱাৰ বাবে বিশেষভাৱে সন্মান লাভ কৰে। এই সন্মাননা ডাঃ শিৱানন্দ ৰায়ে দলৰ হাতে তুলিয়ে দিয়ে।
ধলাই স্বাস্থ্য ব্লকৰ আৰ.বি.এছ.কে. দলেও শিশু স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। জন্মগত ত্ৰুটিযুক্ত শিশুসকলৰ চিকিৎসা সেৱাত বিশেষ ভূমিকা লোৱাৰ বাবে এই দলক ৰাহুল ঘোষে সন্মানিত কৰে।
সোনাই স্বাস্থ্য ব্লকৰ ম’বাইল স্বাস্থ্য দলে অপুষ্টি আৰু ঝুঁকিপূৰ্ণ শিশুসকলৰ চিকিৎসাত বিশেষ কামনা আগবঢ়াই সন্মান লাভ কৰে। এই সন্মান নবৰুণ চক্রৱৰ্তীৰ হাতৰ পৰা গ্ৰহণ কৰে।
ব্যক্তিগত কৃতিত্বৰ বাবেও কেইবাজনো স্বাস্থ্য কৰ্মীক সন্মানিত কৰা হয়। বিক্রমপুৰ স্বাস্থ্য ব্লকৰ নং ১ ম’বাইল স্বাস্থ্য দলে বিদ্যালয় আৰু অঙ্গনৱাড়ি কেন্দ্ৰসমূহত স্বাস্থ্যসচেতনতা বৃদ্ধি আৰু সামাজিক মাধ্যমত আৰ.বি.এছ.কে.-ৰ প্রচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰাৰ বাবে সন্মান লাভ কৰে। বিদ্যালয় পৰিদৰ্শক সৌভিক দাস আৰু কল্যাণ ভট্টাচাৰ্যই দলটোক এই সন্মান আগবঢ়ায়।
পালই চাহ বাগানৰ ছাব-হেল্থ চেণ্টাৰৰ কমিউনিটি হেল্থ বিষয়া ৰেশ্মি বিজয়া সিংহে সৃজনশীলতাৰ জড়িয়তে আৰ.বি.এছ.কে.-ৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ বাবেও বিশেষ সন্মান লাভ কৰে। নবৰুণ চক্রৱৰ্তী আৰু ইকবাল বাহাৰ লস্কৰে তেওঁৰ হাতে এই সন্মান তুলে দিয়ে।
বিশেষ ব্যক্তিগত সন্মান লাভ কৰে শিলচৰ চিভিল হাস্পতালৰ পৰামৰ্শদাতা ইৰসাদুল ৰহমান বৰভূঁঞাই, যিয়ে আৰ.বি.এছ.কে.-ৰ অধীনত ৰেফাৰ কৰা শিশুসকলৰ চিকিৎসা প্ৰদানত অসামান্য ভূমিকা পালন কৰিছে। আছিয়া চৌধুৰী, ডাঃ মইদুল ইছলাম, ডাঃ নবনীতা ৰায় আৰু ডাঃ চিৰঞ্জীব বৰ্মণে তেওঁৰ হাতে এই সন্মান আগবঢ়ায়।
উল্লেখযোগ্য যে, বৰ্তমানে কাছাৰ জিলাৰ ৮টা স্বাস্থ্য ব্লকৰ অধীনত ১৬টা ম’বাইল স্বাস্থ্য দল সক্ৰিয়ভাৱে কাম কৰি আছে, যিয়ে জিলাৰ শিশুসকলৰ স্বাস্থ্যসেৱাৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সন্মাননা অনুষ্ঠান দলসমূহৰ উৎসাহ বঢ়োৱাৰ লগতে শিশু স্বাস্থ্য সেৱাত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
শিলচৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰা হৈছে।