কাছাৰত ৫০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।কাছাৰ আৰক্ষীয়ে শিলচৰ থানাৰ অন্তৰ্গত ঘুংণ্ডৰ বাইপাছৰ সমীপত অভিযান চলায়। শিলচৰ চহৰতলী ঘুংগুৰ বাইপাছত আইজলৰ পৰা অহা এখন মাৰুতী জিপচীত তালাচী চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোক হ’ল মণিপুৰৰ চুৰাচান্দপুৰৰ ভানলালিয়েন আৰু সোণপাও ফানাই। আৰক্ষীৰ দলে গাড়ীখনৰ স্পেয়াৰ টায়াৰত লুকুৱাই ৰখা পাঁচটা পেকেটৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক মাহাত্তাই কয়- ‘ক’লা বজাৰত এই নিচাজাতীয় টেবলেটৰ দাম প্রায় ১৫ কোটি টকা হ’ব।’