কাছাৰত গুটখা খাই কৰুণ মৃত্যু আৰক্ষী বিষয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰত গুটখা খাই আৰক্ষী বিষয়াৰ মৃত্যু। মৃত বিষয়াজনৰ নাম সুৰজিৎ ডেকা। সুৰজিৎ ডেকা কাছাৰৰ বিহাৰা আউটপোষ্টৰ ইনচাৰ্জ পদত কৰ্তব্যৰত আছিল। জানিব পৰা মতে, পেকেটেৰে ঢালি দিওঁতে ডিঙিত গুটখা লাগি ধৰে আৰক্ষী বিষয়াজনৰ। ইয়াৰ পিছত থানাৰ কোৱাৰ্টাৰৰ কোঠাত অচেতন হৈ পৰে সুৰজিৎ ডেকা। ঘটনাৰ পিছত সহকৰ্মী আৰু স্থানীয় লোকে কোঠাৰ দুৱাৰ ভাঙি তেওঁক উদ্ধাৰ কৰে আৰু খৰধৰকৈ হাস্পতাললৈ লৈ যায়। অৱস্থা গুৰুতৰ হোৱাত সুৰজিৎ ডেকাক শিলচৰ চিকিৎসা মহাবিদ্যাল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালত উপস্থিত হোৱাৰ পিছতে তেওঁ মৃত্যুক আঁকোৱালি লয়। মৃত আৰক্ষী বিষয়াজনৰ ঘৰ ৰঙিয়াত বুলি জনা গৈছে।