কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ

কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাছাৰত অসম আৰক্ষী আৰু উগ্ৰপন্থী কেডাৰৰ মাজত তুমুল সংঘৰ্ষ। ভুৱন পাহাৰত সংঘটিত হয় এই ঘটনা।আৰক্ষী আৰু উগ্রপন্থীৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীত নিহত হয় ৩ মাৰ জংগী উগ্রপন্থী।জানিব পৰা মতে, মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি কাছাৰ জিলাৰ ধলাই গংগা নগৰত কাছাৰ আৰক্ষীয়ে অভিযান চলাই এটা AK-47, এটা পিষ্টল আৰু কেবাজাঁই গুলীসহ আটক কৰিছিল তিনিজন যুৱকক ৷ আটকাধীন তিনি যুৱক উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা হৈছিল । নিশা ধৃত তিনি উগ্ৰপন্থী সদস্যক লগত লৈ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দল অসম-মিজোৰাম সীমান্তৰ ভূবন পাহাৰত অভিযানত নামিছিল ৷ সেই সময়তে অভিযানৰ উমান পাই হঠাৎ পাহাৰত লুকাই থকা আন উগ্ৰপন্থী সংগঠনটোৰ আন কেডাৰসকলে আৰক্ষীক লক্ষ্য কৰি অতৰ্কিতে গুলীবৰ্ষণ আৰম্ভ কৰে । প্ৰতুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে। প্ৰায় ১ ঘণ্টা সময় ধৰি আৰক্ষী আৰু উগ্ৰপন্থীৰ দলৰ মাজত চলে এই গুলীয়াগুলী । দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীচালনাত গুলীবিদ্ধ হৈ মৃত্যু হয় আৰক্ষীয়ে লগত লৈ যোৱা তিনি উগ্ৰপন্থী কেডাৰৰ । মৃত তিনি উগ্ৰপন্থী কেডাৰৰ মাজৰ দুজন কাছাৰৰ আৰু এজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাত আহত হৈছে তিনিজন আৰক্ষী কৰ্মীও । লগতে গুলীবৰ্ষণৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কাছাৰ আৰক্ষীৰ কেইবাখনো বাহন । মৃত তিনি যুৱক মাৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ বুলি জানিব পৰা গৈছে ।