কাকপথাৰৰ ভাৰতীয় সেনাৰ শিবিৰত আলফাৰ ভয়ংকৰ আক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ভাৰতীয় সেনাৰ ১৯ গ্ৰেণেডিয়াৰ শিবিৰত মাজনিশা আলফা স্বাধীনে ভয়ংকৰ আক্ৰমণ কৰে। ভাৰতীয় সেনা ছাউনীত আলফা স্বাধীনৰ সদস্যই আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৭ অক্টোবৰৰ নিশা কাকপথাৰস্থিত সেনা ছাউনীত আলফা স্বাধীনৰ এটা গোটে আক্রমণ কৰি তিনিজনকৈ সেনা জোৱানক আহত কৰাৰ কথা জানিব পৰা গৈছে। প্রাপ্ত খবৰ অনুসৰি, ১৭ অক্টোবৰৰ নিশা প্রায় ১২.৪০ বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰূপাই দিশৰ পৰা এখন ট্রাকত অহা আলফা স্বাধীনৰ এটা দলে কাকপথাৰস্থিত ভাৰতীয় সেনাৰ ১৯ গ্রেনেডিয়াৰ কেম্পত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ লগতে আৰ পি জি (RPG) নিক্ষেপ কৰি সম্পূৰ্ণ শিবিৰ তথা কেম্পটোকে ধ্বংস কৰি দিয়াৰ চেষ্টা কৰে। প্ৰায় আধাঘণ্টাজোৰা দুয়োপক্ষৰ ধাৰাসাৰ গুলীবর্ষণৰ ফলত তিনিজনকৈ সেনা জোৱান আহত হোৱাৰ বিপৰীতে আক্রমণকাৰী আলফা স্বাধীনৰ গোটটো ঘটনাস্থলীৰ পৰা সুকলমে কাকপথাৰ বজাৰৰ অভিমুখে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। মাজনিশা হোৱা এই ঘটনাই কাকপথাৰৰ সেনা ছাউনীৰ সমীপৰ ৰাইজক যথেষ্ট আতংকিত কৰি তোলাৰ লগতে স্থানীয় কাকপথাৰ আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ সক্রিয়তাক লৈ প্রশ্ন উত্থাপন কৰিছে। জানিব পৰা মতে, আক্ৰমণকাৰী উক্ত আলফা স্বাধীনৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ-২৫-ই চি-২৩৫৯ নম্বৰৰ বাহনখন পুৱাৰ ভাগত শদিয়া আৰক্ষী জিলাৰ অধীনস্থ ছৈখোৱাঘাট থানাৰ এলেকাধীন অসম-অৰুণাচলৰ সীমান্তৱৰ্তী মচবাৰী গাঁৱৰ ডিৰাক চুমনি মথাউৰিৰ টেঙাপানী নৈৰ পাৰত উদ্ধাৰ হোৱাত দলটো টেঙাপানী নৈ অতিক্ৰম কৰি সীমান্ত টেঙাপানী গাঁও হৈ অৰুণাচলৰ দিশে পলায়ন কৰা বুলি সন্দেহ প্রকাশ কৰিছে। উদ্ধাৰ কৰা বাহনখনত সংযোজিত ৰেহৰূপ দেখি দলটোৱে সম্পূর্ণ পৰিকল্পনা কৰি ভাৰতীয় সেনাক আক্ৰমণৰ লক্ষ্য কৰি আহিছিল বুলি অনুমান কৰিব পাৰি। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ ২য় লেঃ ইশান অসমৰ স্বাক্ষৰিত এক প্রেছ বিবৃতিৰ জৰিয়তে ১৭ অক্টোবৰৰ নিশাৰ এই ঘটনা আলফা স্বাধীনৰ দ্বাৰা সংঘটিত কৰা বুলি স্বীকাৰ কৰে। বিবৃতিটোত আলফা স্বাধীনে এয়া ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ বিৰুদ্ধে ‘অভিযান প্রতিশোধ’ বুলি উল্লেখ কৰি কয়, ‘ঔপনিৱেশিক ভাৰতীয় শাসকে তাৰ দখলদাৰী বাহিনীৰ দ্বাৰা যিমানেই অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে আমাৰ সংগঠনক নিঃশেষ কৰিবলৈ নিবিচাৰক কিয়, সিয়ে আমাক কোনোকালেই আমাৰ ঈপ্সিত লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰে। বৰঞ্চ দখলদাৰী বাহিনীৰ তেনে বৰ্বৰতাই আমাক আমাৰ মনোবল আৰু অধিক দৃঢ় কৰাত প্ৰেৰণা আৰু উৎসাহহে যোগাব।’