কাকপথাৰত আৰক্ষীৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু

কাকপথাৰত আৰক্ষীৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু:  প্ৰতিবাদী ৰাইজৰ পথ অৱৰোধ:  ন্যায়িক তদন্ত দাবী অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনা আৰক্ষী চকীৰ লকআপত ধনজিৎ মৰাণ  নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিবাদ তথা উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবীত আজি কাকপথাৰত পথ অৱৰোধ কৰা ৰাইজৰ মাজত উপস্থিত হৈ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উক্ত ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লঘতে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়৷ উল্লেখযোগ্য যে ছাগলী চুৰিৰ সন্দেহত যোৱা নিশা টঙনা আৰক্ষীয়ে প্ৰয়াত ধনজিৎ মৰাণক আটক কৰি লকআপত ভৰাই থৈছিল৷ আজি পুৱা ধনজিতৰ মাতৃয়ে আটকাধীন পুত্ৰৰ বাবে ভাত লৈ থানাত উপস্থিত হৈ গম পায় যে ইতিপূৰ্বে পুত্ৰৰ মৃত্যু ঘটিছে৷ কিন্তু লকআপৰ ভিতৰত ফেন, ৰছী আদি আত্মহত্যা কৰিব পৰা একো সৰঞ্জাম নথকাকৈ কেনেকৈ আত্মহত্যা কৰিলে বুলি সোধাত ল’ৰাজনে নিজৰ পিন্ধি থকা টিছাৰ্টটোৰে চিপ লৈ আত্মহত্যা কৰা বুলি এক সন্দেহজনক যুক্তি আগবঢ়ায়৷ এইবাৰ মাতৃগৰাকীয়ে পুত্ৰৰ মৃতদেহটো চাবলৈ বিচৰাত আৰক্ষীয়ে জনায় যে ধনজিতৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ কিন্তু পৰিয়ালক অৱগত নকৰাকৈ, দণ্ডাধীশৰ অনপস্থিতিত কিয় আৰু কেনেকৈ মৃতদেহটো ঘটনাস্থলীৰ পৰা আঁতৰাই পঠওৱা হ’ল, তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে৷আৰক্ষীৰ এই সন্দেহজনক কাৰ্য্যৰ প্ৰতিবাদত আজি স্থানীয় ৰাইজে কাকপথাৰত অসম-অৰুণাচল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰে দোষীৰ শাস্তিৰ দাবী কৰে৷ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন আগবঢ়ায়৷ আনহাতে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসে এক বিবৃতিযোগে উক্ত ঘটনাত উদ্বেগ ব্যক্ত কৰি কয় যে সাধাৰণ অপৰাধৰ সন্দেহত আটক কৰি অনা ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাটো এটা সাধাৰণ ঘটনা নহয়৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ আন কেইবা ঠাইত এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিছে৷ ই অসম আৰক্ষীৰ দায়বদ্ধতাহীনতা আৰু  আভ্যন্তৰীণ বিশৃঙ্খলাৰ উমান দিয়ে৷ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষী ইমান দায়িত্বহীন হ’লে নচলিব৷ এই ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে ঘটনাৰ ৰহস্য উদ্ঘাটন আৰু দোষী ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত আইনী শাস্তিৰ ব্যৱস্থা কৰিবলৈ গগৈ আৰু দাসে দাবী জনায়৷