কাইলৈ ৰাভা হাছং পৰিষদীয় নিৰ্বাচন

Vote

কাইলৈ ৰাভা হাছং পৰিষদীয় নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ।ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ অন্তৰ্গত ১৪টা পৰিষদীয় সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। উল্লেখ্য যে জিলাখনৰ অন্তৰ্গত মুঠ ১৬টা পৰিষদীয় সমষ্টিৰ দুটাত ইতিমধ্যে দুগৰাকী প্রার্থীয়ে বিনাপ্রতিদ্বন্দিতাই জয়ী হৈছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই পৰিষদীয় নিৰ্বাচনৰ বাবে আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ভোটগ্রহণ কেন্দ্রত নিয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াসকল নিৰ্বাচনৰ যাৱতীয় সা-সামগ্রীসহ নিজ নিজ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। উল্লেখ্য যে জিলাখনত সুকলমে আৰু শান্তিপূর্ণভারে ভোটগ্রহণ প্রক্রিয়া পৰিচালনা কৰাৰ বাবে ১,১৩৬গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়া নিয়োজিত কৰা হৈছে। তদুপৰি ভোট গ্রহণ কেন্দ্ৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্তসংখ্যক আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৪টা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৪৪ গৰাকী প্রার্থী নির্বাচনত অৱতীৰ্ণ হৈছে। এই সমষ্টিকেইটাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৬৯,২৫৯গৰাকী। ইয়াৰে ৮২,৪৫৮ গৰাকী পুৰুষ আৰু ৮৬,৮০১গৰাকী মহিলা। পৰিষদীয় সমষ্টিত থকা মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা হ’ল ২০৯টা। ইয়াৰে মুঠ ১০টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা প্রিজাইডিঙ-পলিঙ বিষয়াৰ দ্বাৰা আৰু ১টা দিব্যাংগ প্রিজাইডিঙ-প’লিঙ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। মহিলাসকলৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰত ২টা হৈছে আদর্শ ভোটগ্রহণ কেন্দ্র। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্রহণ অনুষ্ঠিত হ’ব। কামৰূপৰ জিলা আয়ুক্ত দেৱ সাত মহীশূবৰ অভিজ্ঞা আন কুমাৰ মিশ্ৰই এই নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহযোগ কামনা কৰাৰ লগতে জিলাখনৰ সংশ্লিষ্ট প্ৰতিগৰাকী ভোটাৰকে তেওঁলোকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি নির্বাচন প্রক্রিয়া সফল কৰি তুলিবলৈ আহ্বান জনাইছে।