কাঁন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত অসমক প্ৰতিনিধিত্ব অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কাঁন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত আইমী বৰুৱা।অসমীয়া পৰম্পৰাগত মুগাৰ সাজত ৰেড কাৰ্পেটত দেখিবলৈ পোৱা গ’ল অভিনেত্ৰী গৰাকীক।ৰেড কাৰ্পেটত খোজ কাঢ়ি আইমী বৰুৱাই চচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো।ৰেড কাৰ্পেটত অসমক প্ৰতিনিধিত্ব কৰি মহোৎসৱৰ মূখ্য কাৰ্য্যক্ৰমত উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো বুলি উল্লেখ কৰিছে আইমী বৰুৱাই।ৰেড কাৰ্পেটত খোজ দিয়াৰ পূৰ্বে ছচিয়েল মি়ডিয়াযোগে অভিনেত্ৰী আইমী বৰুৱাই কয় যে, “কাঁ ফেষ্টিভেলৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্ধাৰিত কৰি থোৱা হয়, ৰেড কাৰ্পেটত কোন যাব।আজি মোক তেওঁলোকে সুযোগ দিছে, ভাৰতৰ ফালৰ পৰা। মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন হ’ব আজিৰ দিনটো।’’ ছচিয়েল মিডিয়াযোগে আইমীয়ে কয়, ‘চেমখৰ’ৰ বাবেই আজি মই এইখন মঞ্চ পাইছো।ডিমাচাসকলক ধন্যবাদ জনাইছো যে তেওঁলোকৰ ভাষা–সংস্কৃতি, ৰীতি–নীতিৰ বাবেই আজি মই ইয়াত থিয় হৈ আছো।এই গৌৰৱৰ অধিকাৰী সমগ্ৰ অসমবাসী, সমগ্ৰ উত্তৰ–পূববাসী।”