কাঁনত প্ৰদৰ্শিত কুকি, বিশ্বব্যাপী দৰ্শকৰ পৰা প্ৰশংসা লাভ

কাঁনত প্ৰদৰ্শিত কুকি, বিশ্বব্যাপী দৰ্শকৰ পৰা প্ৰশংসা লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  এগৰাকী অসমীয়া প্ৰযোজকৰ দ্বাৰা অসমত নিৰ্মিত বলীউড হিন্দী চলচ্চিত্ৰ “কুকি” সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁন)ত প্ৰদৰ্শিত হয়। মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৩০ বজাত পেলেই এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। বিভিন্ন দেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু বিতৰকে ছবিখন উপভোগ কৰি প্ৰশংসাৰে ওপচাই পেলায়। ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী), এই উৎসৱত অংশগ্ৰহণ কৰি দৰ্শকৰ সতে মত-বিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত “কুকি” মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰোপৰি, ঋতিষা খাউণ্ডৰ ব্যতিক্ৰমী অভিনয়ক প্ৰদৰ্শনীত উপস্থিত থকা বহুকেইগৰাকী পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতাই প্ৰশংসা কৰে। “ মই নেদেখাজনক ধন্যবাদ জনাইছোঁ যে কুকিয়ে মোৰ ৰাজ্য আৰু দেশত ইমান মৰম লাভ কৰাৰ লগতে বিশ্বব্যাপী দৰ্শকৰ পৰাও সমানে শলাগ লাভ কৰিবলৈ সক্ষম হৈছে। মই আমাৰ পৰিচালক প্ৰণৱ জে ডেকা, সমূহ অভিনেতা আৰু সমগ্ৰ দলটোক ধন্যবাদ জনাইছোঁ যিয়ে মোক এই যাত্ৰাত পথ প্ৰদৰ্শন কৰিছিল আৰু মোৰ বাবে কামবোৰ সহজ কৰি তুলিছিল।” ২৮ জুনত সমগ্ৰ ভাৰতৰ ১০০টা চিনেমা হলত মুক্তি পাব কুকি। ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীৰ কঠিন যাত্ৰা আৰু তেওঁ পাৰ কৰিবলগা হোৱা বিভিন্ন মানসিক সংঘাতৰ কাহিনী বৰ্ণনা কৰি এক স্পৰ্শকাতৰ বিষয়বস্তু সকলোৰে আগত তুলি ধৰিছে। ছবিখনে মুক্তিৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে দৰ্শক আৰু অনুৰাগীৰ মাজত প্ৰত্যাশা আৰু উত্তেজনা দেখা গৈছে। আশা কৰা হৈছে যে এই প্ৰচেষ্টাই কেৱল মনোৰঞ্জন দিয়াই নহয়, বৰঞ্চ উঠি অহা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উভয় ক্ষেত্ৰতেই সফলতা আৰু স্বীকৃতিৰ বৃহত্তৰ উচ্চতাৰ দিশে আগুৱাই নিয়াত এক অনুঘটক হিচাপেও কাম কৰিব।