কহুঁৱা ফুলাৰ বতৰ
বিশ্বজিৎ বৈশ্য
বংশৰ,শুৱালকুছি
আমাৰ শ্ৰদ্ধাৰ,ড০ ভূপেন হাজৰিকাই গাই যোৱা সেই গীতটো, “কহুঁৱা বন মোৰ অশান্ত মন / আলফুল হাতেৰে লোৱা সাবতি” সেই গীতটো এইটো সময়ত আমাৰ মনলৈ বৰকৈ আহে। প্ৰকৃতিৰ এই অনন্য কহুঁৱাবোৰ যেন স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত। গীতৰ মাজৰে কহুঁৱা বনে আনে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ মাদকতা । কবলৈ গলে, কহুঁৱাৰ কিন্তু কোনো ব্যৱহাৰিক প্ৰয়োজন নাই।কহুঁৱা দেখিলেই আমাৰ মনবোৰ বতাহৰ ভাজে ভাজে নাচি উঠে। নাচি থকা কহুঁৱাবোৰ নিজেই হৈ পৰে আপোনপাহৰা।অৱশেষত শৰতৰ বতাহজাকে কহুঁৱাক লৈ ফুৰে উৰুৱাই।নিৰ্মল আকাশৰ তলত শুভ্ৰ ৰং চটিয়াই কহুঁৱাই জোনাকক হাত বাউল দি মাতে। আলসুৱা বতাহৰ পৰশত কহুঁৱাই প্ৰকৃতিৰ নানা ৰংৰ সৃষ্টিৰ এক প্ৰেৰণা।একেদৰে, মায়াময় নৈসৰ্গিক সেই প্ৰকৃতিয়ে সাধাৰণ লোকৰ পৰা শিল্পী, সাহিত্যিক সকলোকে যুগ যুগান্তৰ ধৰি আকৰ্ষণ কৰি আহিছে কহুঁৱাৰ সেই নিজস্ব পৰিচয়েৰে। এয়াই প্ৰকৃতিৰ মায়া।