কল দিয়া পুথা
ময়ূৰাক্ষী গগৈ, যোৰহাট
মনত পৰে তাহানিৰ কল দিয়া পুথালৈ।
গাওঁ খনৰ মুখতে পুথাৰ ঘৰ।
যেন গাওঁখনৰ বাটচ’ৰা।
আহোতে যাওঁতে সকলোৱে
মাত দিয়ে পুথাক।
অকণিহতঁৰ আকৌ চেনেহৰ
কল দিয়া পুথা।
পুথাৰ বাৰীৰ পকা কলে
মজিয়া ভৰি থাকে।
ডাল ভৰি থকা মধুৰি বোৰে
মোক খা মোক খা কৰি থাকে।
পুৰঠ পুৰঠ অমৰা বোৰ সৰি,
খাল ভৰি থাকে।
অকণিহঁতক মাতি আনি পুথাই,
বিলাই দিয়ে সকলোকে হেঁপাহেৰে।
সুগন্ধি বিলাই ফুলি থকা
পুথাৰ বাৰীৰ তগৰ জোপাই,
নাচনীৰ খোপা কৰে শুৱনি।
পুথাৰ যে অন্য নাম আছে,
সেয়াও পাহৰণিৰ গৰ্ভত।
সকলোৰে বাবে অতি আদৰৰ
কল দিয়া পুথা।