কল্পনা – হীৰক কলিতা

কল্পনা
 হীৰক কলিতা, নলবাৰী 
শূণ্যৰ বুকুত ওলমি থকা এখন
সাগৰৰ বাসিন্দা মই যাৰ নাই
কেতিয়াও ইপাৰ – সিপাৰ ।
এখন আকাশৰ দৰে বিশাল মোৰ
কল্পনা আৰু এটি ধূলি কণাৰ
সমান খোজ মোৰ পংগু ভৰিৰ ।
ভবিষ্যতে টানি লৈ যোৱা কল্পনাৰ
বাটত এতিয়া অনিশ্চয়তাৰ শংকা
বিশৃংখল জীৱন বাটত এতিয়া মাথোঁ
ধুৱলি কুঁৱলী সপোনৰ ছায়া ‍মায়া ।