কল্পনাৰ মৰীচিকা – নাচিমা য়াচমিন

কল্পনাৰ মৰীচিকা

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

এদিন মইয়ো ওলাইছিলো
সুখৰ ঠিকনা বিচাৰি,
মাজ পথত সন্মুখীন হ’লো
নানা তৰহৰ হতাশাৰ,
কিন্তু মই নিৰাশ নহ’লো
আৰু মোৰ যাত্ৰা
অব্যাহত ৰাখিলোঁ।
এঠাইত দেখা পালোঁ সন্মুখত
এক গভীৰ, দ – খাল
ভয়ত কপি উঠিল মোৰ
অন্তৰাত্মা,
মই চকু মুদি দিলোঁ,,
হঠাৎ এনে অনুভৱ হ’ল যেন কোনোবাই
মোৰ হাতখনত খামুচি ধৰি
উৰুৱাই নিলে খালৰ
সিপাৰলৈ।
চকু মেলি চৌপাশে লক্ষ্য কৰিলোঁ
শূণ্য, কোনো নাই ।
কেৱল এক মনোৰম সুগন্ধি বিয়পি আছে
 মোৰ কাষৰত।
এৰা ,
এইয়াই মোৰ কল্পনাৰ মৰীচিকা।