কল্পনাৰ দোকমোকালিত ভাৰতীয় শিল্পীৰ চিন্তা -ভাৱনা – জ্যোতি খাটনিয়াৰ

কল্পনাৰ দোকমোকালিত ভাৰতীয় শিল্পীৰ চিন্তা -ভাৱনা

জ্যোতি খাটনিয়াৰ

ভাবি ভাল লাগে যে মানুহে লিখিবলৈ আৰু পঢ়িবলৈ শিকাৰ আগেয়ে আঁকিবলৈ শিকিছিল । মানুহে আজিৰ পৰা অন্ততঃ ৩০-৪০ হাজাৰ বছৰ আগেয়ে অঁকা ছবিবোৰে আদিম মানৱৰ জীৱন- শৈলী আৰু তেওঁলোকৰ মনৰ জগতখনক সফলতাৰে প্ৰতিনিধিত্ব কৰি আহিছে। বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথম গুহা চিত্ৰৰ আৱিষ্কাৰ হৈছিল ভাৰতত। আৰ্চিবাল্ড কাৰলাইল (Archibald Campbell Carlyle; ১৮৩১-১৮৯৭) নামৰ পুৰাতত্ত্ববিদ গৰাকীয়ে ১৮৬৭-৬৮ চনৰ সময়চোৱাত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত এনে গুহাৰ সন্ধান পাইছিল। পৰৱৰ্তী সময়ত স্পেইন আৰু ফ্ৰান্সতো গুহা চিত্ৰৰ সন্ধান পোৱা গ’ল। এই গুহা চিত্ৰবোৰ নো কিয় সৃষ্টি কৰা হৈছিল আৰু কোনে সৃষ্টি কৰিছিল, তাক লৈ আজিলৈকে জল্পনা কল্পনাৰ শেষ নাই। উত্তৰ -পূব ভাৰতৰ খাচী জয়ন্তীয়া পাহাৰ , কাৰ্বি পাহাৰ, উত্তৰ কাছাৰত অৱস্থিত কিছু গুহাত মানুহৰ শিল্পী জীৱনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ কিছু ছবি পোৱা যায় বুলি বুৰঞ্জীবিদ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে লিখি গৈছে। বিশেষজ্ঞসকলে এই শিল্পকলাৰ উদ্দেশ্য সম্পৰ্কত তিনিটা মত আগবঢ়াইছে। এটা হ’ল অলংকৰণ ( decorative)। দ্বিতীয়টো হ’ল শিল্পীৰ আত্মপ্ৰকাশ ( self expression)। আৰু তৃতীয়টো হ’ল অনুকম্পী যাদু বিদ্যা ( sympathetic magic) । এই সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তৰুণ চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ ‘ প্ৰাগৈতিহাসিক নৃতত্ব’ত আগবঢ়োৱা তথ্যই আমাক নানান চিন্তাৰ খোৰাক দিয়ে। অসমীয়া ভাষাত প্ৰাচীন শিল্পৰ আলোচনাত এই গ্ৰন্থখনৰ এই ঐতিহাসিক গুৰুত্ব আছে। অধিকাংশ বিশেষজ্ঞৰে মত যে অলংকৰণৰ বাহিৰেও এই গুহা চিত্ৰৰ আন গুৰুত্বপূৰ্ণ উদ্দেশ্য আছে।

এই গোটেই কথাখিনিৰ উপস্থাপনৰ আঁৰত চৰকাৰী চাৰু- কাৰু কলা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° নৱজিৎ ডেকাৰ ‘সিন্ধু সভ্যতা আৰু কলা’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰসংগ লুকাই আছে। কভিডৰ সময়ত গৃহবন্দী হৈ থকা সময়চোৱাত এই গ্ৰন্থখন তেওঁ ৰচনা কৰিছিল। অসমীয়া ভাষাত প্ৰাচীন সময়চোৱাৰ শিল্প সম্পৰ্কীয় আলোচনাৰ প্ৰসংগত এই গ্ৰন্থখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। সাধাৰণ পঢ়ুৱৈ আৰু কলাৰ ইতিহাসত আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ বাবে এই গ্ৰন্থখনৰ বিশেষ মূল্য আছে। তেওঁৰ এই গ্ৰন্থখন দুটা বিষয়ৰ বহল পৰিসৰৰ আলোচনাৰে সমৃদ্ধ। এটা হ’ল: প্ৰাগৈতিহাসিক যুগ আৰু কলা। আনটো হ’ল :সিন্ধু সভ্যতা আৰু কলা।

ভাৰতীয় সভ্যতা আৰু শিল্পৰ দোকমোকালিৰ সময়চোৱাই হ’ল সিন্ধু উপত্যকাৰ সভ্যতা। সেই সভ্যতাৰ মানুহখিনিয়ে লিখিব আৰু পঢ়িব জানিছিল। অৱশ্যে তেওঁলোকে এৰি থৈ যোৱা লিপিৰ এতিয়ালৈকে পাঠ উদ্ধাৰ সম্ভৱ হোৱা নাই। সম্প্ৰতি বিভিন্ন গৱেষকে কৃত্ৰিম প্ৰযুক্তি ( এ আই) ৰ ব্যৱহাৰ কৰি পাঠ উদ্ধাৰৰ চেষ্টা কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গৱেষক আৰু harappa.com নামৰ গুৰুত্বপূৰ্ণ ৱেবছাইটটোৰ প্ৰতিষ্ঠাতা ড° ওমৰ খানৰ এই প্ৰসংগত কৰা বিভিন্ন প্ৰচেষ্টা উল্লেখ্যযোগ্য। একেদৰে ৱাছিংটন বিশ্ববিদ্যালয়ৰ গৱেষক ড° ৰাওৱে কৃত্ৰিম প্ৰযুক্তি ব্যৱহাৰ কৰি এই লিপি উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। ব্ৰাহ্মী লিপি, দ্ৰাবিড়ীয়ান, ইণ্ডো – আৰ্য্য ভাষা, চুমেৰীয় ভাষা আদিৰ সৈতে এই লিপিৰ সম্পৰ্ক স্থাপন কৰি তাৰ অৰ্থ উদ্ধাৰৰ প্ৰয়াস কৰি অহা হৈছে। কিছুমান প্ৰচেষ্টা আকৌ হাস্যকৰ। যেনে, সিন্ধু উপত্যকাৰ পৰা ২১০০ কিলোমিটাৰ আঁতৰত থকা সাগৰৰ মাজৰ ইষ্টাৰ দ্বীপৰ লিপিৰ সৈতে সিন্ধু লিপিৰ সম্পৰ্ক আৱিষ্কাৰ কৰাৰ প্ৰচেষ্টা। এইবোৰৰ পৰৱৰ্তী সময়ত অৰ্থহীন প্ৰচেষ্টা বুলি পৰিগণিত হৈছে। সি যিকি নহওক, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম্ কে ষ্টেলিনে এই লিপি উদ্ধাৰ কৰা জনক এক মিলিয়ন ডলাৰ দিয়া হব বুলি ঘোষণা কৰিছে। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিচাৰ্ছৰ দুই কম্পিউটাৰ বিজ্ঞানী ৰাজেশ ৰাও আৰু নিশা যাদৱৰ কৃত্ৰিম প্ৰযুক্তি ব্যৱহাৰ কৰি কৰা প্ৰচেষ্টাও এই ক্ষেত্ৰত উল্লেখ্যযোগ্য। অৱশ্যে এই লিপি ব্যৱহাৰ কৰা চাৰি হেজাৰ খোদাইয়ে ( বেছিভাগেই সৰু সৰু মোহৰ) দৰাচলতে শব্দ ,উচ্চাৰণ বা বাক্যাংশৰ কোনটোক প্ৰতিনিধিত্ব কৰে, তাক আজিলৈকে থিৰাং কৰিব পৰা হোৱা নাই। আনকি বিভিন্ন তান্ত্ৰিক মন্ত্ৰৰ সৈতেও এই লিপিক সম্পৰ্কিত কৰাৰ চেষ্টা আছে।

সিন্ধু নদীৰ পাৰৰ সাৰুৱা উপত্যকাত, আজিৰ পৰা প্ৰায় পাঁচ হাজাৰ বছৰৰ আগৰ যিসকল লোকে এই সভ্যতা গঢ়ি উঠিছিল, সেই সভ্যতাৰ অৱশেষে লোকৰ অতি সু-সংগঠিত জীৱন -শৈলী আমাৰ আগত দাঙি ধৰে। এই মানুহখিনিৰ ক-ৰ পৰা আহি এই সভ্যতা গঢ়ি তুলিলে, সেয়া মাত্ৰ অনুমানৰ বিষয়। ১৯২১ চনত দয়াৰাম চাহানী নামৰ এজন লোকে বৰ্তমানৰ পাকিস্তানৰ ভিতৰুৱা অঞ্চল পাঞ্জাব প্ৰদেশৰ হৰপ্পা নামৰ গাঁও এখনত এই সভ্যতাৰ অৱশেষ লক্ষ্য কৰিছিল। পৰৱৰ্তী সময়ত বিস্তৃত ভাৱে সিন্ধু উপত্যকাত খনন কাৰ্য চলাই এই সভ্যতাৰ নানান অৱশেষ বিচাৰি পোৱা গল। এই সভ্যতাৰ সৈতে পৃথিৱীৰ আন প্ৰাচীন উপত্যকাৰ সম্পৰ্ক থকা বুলিও অনুমান কৰা হয়। এই সভ্যতাৰ মানুহখিনি তামৰ আৰু ব্ৰঞ্জৰ ব্যৱহাৰৰ সৈতে বিশেষভাৱে পৰিচিত আছিল। ইয়াত লোহাৰ কোনো বস্তু উদ্ধাৰ হোৱা নাই। এই সভ্যতাক পণ্ডিতসকলে তাম্ৰ যুগৰ সভ্যতা বুলি অনুমান কৰিছে। সিন্ধু সভ্যতা প্ৰায় ১৮ লাখ বৰ্গ কিলোমিটাৰ জোৰা এক বিশাল অঞ্চলত বিকশিত হৈছিল। মহেঞ্জোদাৰো , হৰপ্পা, লোথাল, ৰূপাৰ আদি এই সভ্যতাৰ উল্লেখ্যযোগ্য অঞ্চল। এই সভ্যতাৰ বিকাশ অধ্যয়ন কৰি পণ্ডিতসকলে চাৰিটা বা পাঁচটা স্তৰৰ কথা কৈছে। এই কেইটা হ’ল — প্ৰাক হৰপ্পা কাল, আদি হৰপ্পা কাল, পৈণত হৰপ্পা কাল আৰু অন্তিম হৰপ্পা কাল। বিশেষজ্ঞসকলৰ মতে মানৱ সভ্যতাৰ নৱ প্ৰস্তৰ যুগতেই সিন্ধু সভ্যতাৰ আৰম্ভণি হৈছিল। সিন্ধু সভ্যতাৰ বিকাশৰ সময়ত মানুহে চিকাৰ কৰি আলু, কচু জাতীয় বনৰীয়া উদ্ভিদ, ফল- মূল আদি খাই জীৱন নিৰ্বাহ কৰিছিল বুলি ভবা হয়। আমৰী আৰু মেহৰগড় নামৰ অঞ্চল দুটা প্ৰাচীন ভাৰতৰ অধ্যয়ন বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ অঞ্চল। বৰ্তমান বেলুছিষ্টানত অৱস্থিত এই মেহৰগড়ত খ্ৰীষ্টপূৰ্ব ৭০০০ ৰ পৰা ৩০০০ ৰ ভিতৰৰ মানুহখিনিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কৌশল আয়ত্ব কৰিছিল। তেওঁলোকে ঘেহু আৰু বাৰ্লিৰ খেতি কৰিবলৈ শিকিছিল। গৰু, ছাগলী আৰু ভেৰাও পুহিবলৈ শিকিছিল। এই মানুহখিনিয়ে মণিৰে মালা বনুৱা, শিলৰ অস্ত্ৰ – শস্ত্ৰ নিৰ্মাণক আয়ত্ব কৰিছিল। তেওঁলোকে ইটাৰে সজা ঘৰত বাস কৰিছিল আৰু খাদ্য শস্যৰ বাবে ভঁৰাল নিৰ্মাণ কৰিছিল। ভাৰতীয় সভ্যতাৰ এই আদিম স্তৰৰ বিষয়ে ড° নৱজিৎ ডেকাই যি পৰিচয়মূলক আলোচনা আগবঢ়াইছে, সেয়া সাধাৰণ পঢ়ুৱৈৰ বাবে অতিকৈ উপযোগী। তেওঁ এই বৰ্ণনাৰ মাজে মাজে বিভিন্ন উৎসৰ সহায়ত আৰু সময়ে সময়ে নিজৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন মতামতৰ সমৰ্থনো ডাঙি ধৰিছে। যেনে, বিখ্যাত নেছাৰ পত্ৰিকাত ২০০৬ চনত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ তথ্যলৈ তেওঁ আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। তাত কোৱা হৈছে যে জীৱিত ব্যক্তিৰ দাঁতত বিন্ধা কৰা কাম মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে মেহৰগড়ৰ এই মানুহখিনিয়ে কৰিছিল। সিন্ধু উপত্যকাৰ চহৰৰ আশে পাশে গঢ় লৈ উঠা গাঁওবোৰৰ প্ৰতিও তেওঁ আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ দুখনৰ পৰিকল্পনাৰ বিষয়েও তেওঁ পঢ়ুৱৈক সোঁৱৰাই দিছে। এই সভ্যতাৰ খননত দুখন জাহাজৰ অৱশেষ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পৰা অনুমান কৰা হয় যে সেই সভ্যতাৰ ভাৰতীয়ই মানুহখিনিয়ে মেছোপটেমিয়া , বেবিলনীয় আদি সভ্যতাৰ সৈতে বাণিজ্যিক লেনদেনৰ সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ সমৰ্থনত সিন্ধু উপত্যকাৰ মানুহখিনিয়ে নিৰ্মাণ কৰা মালা মেছোপটেমিয়াত উদ্ধাৰ হোৱাৰ কথা কোৱা হয়।

অৱশ্যে শিল্প কলাৰ দৃষ্টিৰ পৰা সিন্ধু উপত্যকাৰ যিকেইটা কৰ্মই আমাৰ মনোযোগ গভীৰভাৱে আকৰ্ষণ কৰে, সেই কেইটা হ’ল : পুৰোহিত ৰজাৰ মূৰ্তিটো, মহেঞ্জোদাৰোৰ নাচনী ছোৱালীজনী , ষাড় গৰুৰ মোহৰ, আদি। এই শিল্প কৰ্ম সমূহৰ বিস্তৃত আলোচনা ড° নৱজিৎ ডেকাৰ এই কিতাপখনৰ বিশেষ বৈশিষ্ট্য। ড° ডেকাই তেওঁৰ আলোচনাত কেইবাজনো প্ৰথিতযশা শিল্প আলোচকৰ মন্তব্য সযতনে উদ্ধৃত কৰিছে। B Rowlandৰ দৰে যশস্বী বিদ্বানৰ গ্ৰন্থ The Art and Architecture of India : Buddhist, Hindu and Jain ( Penguin Books) সন্নিবিষ্ট সমল সমূহ ড° ডেকাই বুদ্ধিদীপ্তভাৱে ব্যৱহাৰ কৰিছে। একেদৰে তেওঁ ব্যৱহাৰ কৰিছে আন এগৰাকী বিখ্যাত আলোচক S.K Saraswati ৰ A Survey of Indian Sculpture নামৰ গ্ৰন্থৰ তথ্য সমৃদ্ধ আলোচনা। ৰৌলেণ্ডৰ বৰ্ণনা অনুসৰি হৰপ্পাৰ এই মানৱ অবয়বটোৰ উপস্থানৰ ভংগীৰ পৰা ইয়াক এজনা পুৰোহিত বা ওখ খাপৰ গুৰুত্বপূৰ্ণ বিষয়া বুলি অনুমান কৰিব পৰা যায়। এই মূৰ্তিটো প্ৰায় ৭ ইঞ্চি ওখ আৰু ইয়াৰ নিৰ্মাণৰ সময়চোৱা খ্ৰীষ্টপূৰ্ব ২৫০০ বুলি ধৰা হয়। তেওঁৰ চকুহালৰ বিশেষ চাৱনি আৰু শৰীৰত বিশেষ কাপোৰ পিন্ধা ধৰণটোৰে তেওঁক ধ্যানমগ্ন অৱস্থাত থকা যেন লাগে। পণ্ডিত ৰৌলেণ্ডে ইয়াৰ সৈতে বৌদ্ধ ভিক্ষুসকলে পৰিধান কৰা সংহতি নামৰ বস্ত্ৰবিধৰ তুলনা কৰিছে। এই মূৰ্তিটোৰ নিৰ্মাণশৈলীৰ সৈতে মেছোপটেমিয়াৰ সভ্যতাৰ মূৰ্তিৰ সাদৃশ্য ৰৌলেণ্ডে বিচাৰি পাইছে। চুমেৰীয় আৰু সিন্ধু সভ্যতা উভয়তে আৱিষ্কৃত হোৱা কেতবোৰ শিল্প কৰ্মৰ উমৈহতীয়া বৈশিষ্টৰ বাবে এই দুই সভ্যতাৰ শিল্পীসকল দুয়োটা অঞ্চলৰ কাম – কাজৰ সৈতে পৰিচিত আছিল বুলি অনুমান কৰা হয়। এয়া পণ্ডিত ৰৌলেণ্ডৰো মত। উল্লেখ্য যে পুৰোহিত ৰজা নামে এই বিখ্যাত ভাস্কৰ্যটো চিমলা চুক্তি অনুসৰি ভাৰত চৰকাৰে পাকিস্তানক গতাই দিয়ে। বৰ্তমান ই কৰাচী সংগ্ৰহালয়ত অৱস্থিত। ভাৰতীয় শিল্পৰ আদিম অৱস্থাৰ চানেকি এই ভাস্কৰ্যটো কিয়নো পাকিস্তানক এনেদৰে দিব লগীয়া হ’ল, সেয়া সহজে বুজিব নোৱাৰি। চিমলা চুক্তিৰ সময়ত পাকিস্তানে ভাৰতৰ পৰা বিচৰা আন এটা সিন্ধু উপত্যকাৰ শিল্পকৰ্ম হল মহেঞ্জোদাৰোৰ নাচনী ছোৱালীজনী। ব্ৰিটিছ পুৰাতত্ত্ববিদ মৰ্টিমাৰ হুইলাৰে এই ভাস্কৰ্যটোৰ বিষয়ে এনেদৰে কৈছে : ” A perfect girl of the moment , perfectly confident of herself and the world. ” এই ভাস্কৰ্যটো ১৯২৬ চনত উদ্ধাৰ হৈছিল। ইয়াৰ উচ্চতা ১১ চেণ্টিমিটাৰ। ই নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰাহলয়ত আছে। ইয়াত ছোৱালীজনীয়ে নাচি থকা নাই। কিন্তু নাচি থকা পাছত হয়তো ভাগৰ লাগি তেওঁ জিৰাইছে। এই ছোৱালীজনীয়ে সিন্ধু উপত্যকাৰ এক পৃথক সৌন্দৰ্যবোধক প্ৰতিনিধিত্ব কৰে বুলি প্ৰখ্যাত আলোচক এ এল বাছামে উল্লেখ কৰিছে। এই ছোৱালীজনীৰ শাৰীৰিক বৈশিষ্ট্যলৈ লক্ষ্য কৰি ৰৌলেণ্ডে এওঁক দ্ৰাবিড়ীয় গোষ্ঠীৰ বুলি ক’ব খুজিছিল। স্মৰ্তব্য যে এনেবোৰ কাৰণতে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে সিন্ধু উপত্যকাৰ সভ্যতা দাক্ষিণাত্যৰ মানুহখিনিয়ে গঢ়ি তোলা বুলি দাবী কৰে। এই মূৰ্তিটোক চিমলা চুক্তিৰ সময়ত পাকিস্তানে নিজৰ দেশলৈ লৈ যাব খুজিছিল। কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এই কথাত সম্মত নহ’ল।

ড° নৱজিৎ ডেকাই তেওঁৰ এই বহুমূলীয়া গ্ৰন্থখনত সিন্ধু উপত্যকাৰ আন আন শিল্পকীৰ্তিৰ আলোচনাৰ লগতে এই সভ্যতাৰ পতনৰ কাৰণসমূহৰ বিষয়েও পঢ়ুৱৈ সমাজক জনাইছে। তেওঁ গ্ৰন্থখনৰ সামৰণিত এনেদৰে লিখিছে : ” সিন্ধু সভ্যতাৰ পতনৰ সন্দৰ্ভত ভিন্ন ধৰণৰ সম্ভাৱনা ব্যক্ত কৰা হয়। যি কাৰণতেই নহওক সিন্ধু সভ্যতাৰ পতন হৈছিল যদিও সেই সংস্কৃতিৰ অৱদান পৰৱৰ্তী ভাৰতীয় সভ্যতা সংস্কৃতিত অনুভূত হয়। বিশেষকৈ শিল্পকলাৰ ক্ষেত্রত এই কথা বিশেষভাৱে প্রতীয়মান হয় বুলি বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। অনুমান কৰা যায় যে পৰিস্থিতিত বাধ্য হৈ স্থানান্তৰিত হোৱা বা ধ্বংসলীলাৰ পৰা বাচি যোৱা লোকসকল পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ ভিন্ন ঠাইত থিতাপি লৈছিল। আৰু এইদৰে কলা-সংস্কৃতিৰ নিৰবিচ্ছিন্ন ডোলদাল প্রৱাহিত হৈ থাকিল আৰু পৰৱৰ্ত্তী সময়ৰ ভাৰতীয় সভ্যতা, কলা, সংস্কৃতিত তাৰ গুঞ্জন অনুৰণিত হোৱা প্ৰত্যক্ষ কৰা যায়।”
আমি আশা কৰিম ড° নৱজিৎ ডেকাৰ ‘ সিন্ধু উপত্যকা আৰু কলা ‘ নামৰ এই গ্ৰন্থখনে সাধাৰণ অসমীয়া পঢ়ুৱৈক প্ৰাচীন ভাৰতৰ সেই গৌৰৱময় সময়চোৱাৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী কৰি তুলিব। লগতে ভৱিষ্যতৰ গৱেষক ছাত্ৰ – ছাত্ৰীৰ বাবে এই গ্ৰন্থখন হাতপুথিৰ লেখীয়া হ’ব। সভ্যতাৰ অগ্ৰগতি আৰু সেই সভ্যতাৰ বিভিন্ন দিশক বুজি উঠিবলৈ শিল্পকৰ্মসমূহ কিমান গুৰুত্বপূৰ্ণ , সেয়া ড° নৱজিৎ ডেকাৰ সাৱলীল আৰু তথ্য নিৰ্ভৰ কলমে আমাৰ আগত দক্ষতাৰে তুলি ধৰিছে।