কলেজ শিক্ষক সংস্থাক গুণোৎসৱ বৰ্জন নকৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৬ ফেব্ৰুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগা গুণোৎসৱৰ পৰা কলেজ শিক্ষক সন্থা আঁতৰি থকাৰ হুংকাৰ দিয়াৰ মাজতে উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত কলেজ শিক্ষক সন্থাৰ সৈতে আলোচনাত বহিল শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু। কলেজ শিক্ষক সন্থাৰ সৈতে অনুষ্ঠিত এই বৈঠকতে পদোন্নতিৰ তালিকাক লৈ সৃষ্টি হোৱা অসন্তুষ্টি সন্দর্ভতো বিস্তৃত আলোচনা হয়। এই বৈঠকৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কলেজ শিক্ষক সন্থাৰ পদোন্নতিৰ প্ৰাপ্য দিনক লৈ যি অসন্তুষ্টি হৈছে সেয়া একেষাৰতে সমাধান কৰিব পৰা নাযায়। বিষয়টো আইনী, বিত্তীয় আৰু পাৰ্ছনেল বিভাগৰ লগত আলোচনা কৰাৰ পাছতহে ইয়াৰ এক সমাধান উলিয়াব পৰা যাব। অৱশ্যে পদোন্নতিৰ তালিকাক লৈ সমস্যা নাই যদিও এই তালিকাৰ সংশোধনীৰ প্ৰয়োজনীয়তা আছে। এই বিষয়টো ইতিমধ্যে কলেজ শিক্ষক সন্থাৰ সৈতে আলোচনা কৰা হৈছে আৰু এইক্ষেত্ৰত যাৱতীয় পদক্ষেপ লোৱা হ’ব। ইফালে আলোচনা সন্দর্ভত অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্তই কয় যে শিক্ষামন্ত্ৰীৰ সৈতে হোৱা বৈঠক ফলপ্রসূ হ’লেও আধৰুৱা হৈ ৰৈছে। এই বিষয়ত পুনৰ আলোচনাৰ প্ৰয়োজন আছে। কিন্তু গুণোৎসৱ বৰ্জনৰ সিদ্ধান্তত বৰ্তমানো অটল আছে কলেজ শিক্ষক সন্থা। অৱশ্যে বিষয়টো সন্দর্ভত কলেজ শিক্ষক সন্থাৰ বৰ্ধিত যৌথ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। এই সভাতে গুণোৎসৱ বৰ্জন কৰা-নকৰাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। কলেজ শিক্ষক সন্থাৰ সৈতে হোৱা শিক্ষামন্ত্ৰীৰ বৈঠকত অৱশ্যে গুণোৎসৱক লৈ কোনোধৰণৰ আলোচনা হোৱা নাই বুলি স্পষ্ট কৰিছিল শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত স্পষ্ট কৰে যে কেৱল গুণোৎসৱত শিক্ষক সন্থাৰ সহায়-সহযোগিতাহে কামনা কৰা হৈছিল। কলেজ শিক্ষক সন্থাই বিষয়টো উত্থাপন কৰিছিল যদিও শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সন্থাক এইবুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে ৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা গুণোৎসৱত অকল শিক্ষক সমাজেই নহয়, ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰৰ সকলো বিষয়ববীয়া আনকি মুখ্য সচিবেও অংশগ্রহণ কৰিব। সেয়েহে কলেজ শিক্ষক সন্থাই গুণোৎসৱ যাতে বৰ্জন নকৰে।