কলেজৰ ২ ছাত্ৰীক কলেজৰ কৰ্মচাৰীয়ে দাৰে ঘপিয়ালে

pc-The Week

কলেজৰ ২ ছাত্ৰীক কলেজৰ কৰ্মচাৰীয়ে দাৰে ঘপিয়ালে

অনলাইন বাৰ্ত্তাসেৱা– ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰী নন্দিতা শইকীয়া আৰু কস্মিনা দত্তক মৰিঢল মহাবিদ্যালয় ৰ লাইব্ৰেৰীৰ সহায়ক হিচাপে কৰ্মৰত ৰিণ্টু শৰ্মা নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰিছিল। আৰক্ষী আৰু ৰাইজৰ সহযোগত অভিযুক্ত যুৱক জনক আটক কৰা হয়। যুৱকজনে এই ঘটনাত এগৰাকী ছাত্ৰীৰ পিতৃকো প্ৰহাৰ কৰে। দুয়োগৰাকী ছাত্ৰীৰ ভিতৰত নন্দিতা শইকীয়াৰ অৱস্থা অধিক সংকটজনক অৱস্থা হোৱাৰ বাবে ধেমাজিৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভৰ্তি কৰে। ছাত্ৰীগৰাকীয়ে প্ৰচণ্ড আঘাত পোৱাৰ বাবে মূৰৰ পৰা অধিক ৰক্তক্ষৰণ হয়। মৃত্যুৰ সৈতে যুঁজি থকা ছাত্ৰী নন্দিতা শইকীয়াৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি আনগৰাকী ছাত্ৰীৰ অভিভাৱকে ধাৰণ কৰিছে। যুৱকজনৰ উপযুক্ত শাস্তি লাভৰ বিৰুদ্ধে ধেমাজিত বিভিন্ন দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰীয়ে দাবী জনাইছে। আনগৰাকী আহত কাস্মিনা দত্ত কিছু সুস্থ হৈ উঠাত ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰ লৈ যাব দিয়া হয়। অভিযুক্ত ৰিণ্টু শৰ্মাক ধেমাজি আদালতত হাজিৰ কৰাই আৰক্ষীয়ে জিম্মাত লৈছে।

(RT)