কলিয়াবৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- নিশা কলিয়াবৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ হাতীয়েখোৱাত ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষ। এই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত অ’ৰা বাহনখনত থকা ৫জন আৰোহী। নিহত পাঁচজন বোকাখাটৰ বিবেক দাস, সঞ্জয় দাস, সমীৰ পাল, সন্দীপ পাল আৰু বিকাশ শৰ্মা। দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই অ’ৰা বাহনখনৰ নম্বৰ AS 05Q 2683। বোকাখাটৰ পৰা তেজপুৰ অভিমুখী আছিল হুণ্ডাই অ’ৰা বাহনখন। দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাকখনৰ নম্বৰ UP 37 AT 2766। ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ চালক-হেণ্ডিমেনে। চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ বাবেই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ (ক) ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ।