কলিয়াবৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা সবলীকৰণৰ দিশত ৰাজ্যত সূচনা হোৱা ৰূপান্তৰকাৰী যাত্রা অব্যাহত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কলিয়াবৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৩২৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত আয়োজিত বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যত আজিৰ তাৰিখত প্রায় ৪ লাখ আত্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিতো প্রায় চাৰি হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে। আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে পূৰ্বৰেপৰা বিভিন্ন ব্যৱস্থা হাতত লৈ অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰিভলভিং ফাণ্ড, বেংক ঋণ, চিএলএফ, ভি, জীৱিকা সখী, বেংক সখী আদি বিভিন্নধৰণৰ ব্যৱস্থাৰে এই গোটসমূহৰ সৈতে জডিত মহিলাসকলক সহায়ৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই আহিছে। আত্মসহায়ক গোটসমূহ গঠন হোৱাৰে পৰা ৰাজ্যৰ মহিলাসকল আগাবিা আহিল আৰু ঘৰখন চলোৱা মহিলাসকলে আজি সমাজখন চলাবৰ বাবেও সামর্থ্য অর্জন কৰিলে। আত্মসহায়ক গোটৰ মহিলাসকলে বিগত ১২-১৩ বছৰে বেংকৰ পৰা প্ৰায় ২১ হাজাৰ কোটি টকা ঋণ গ্রহণ কৰিছে আৰু এই ঋণৰ ধন তেওঁলোকে বেংকত নিয়মীয়াকৈ উভতাই দি আহিছে। তেওঁ কয় যে ৰাজ্যৰ ৪ লাখ আত্মসহায়ক গোটৰ লগত জড়িত ৪০ লাখ মহিলাৰ এই সংগঠিত শক্তিক সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুয়োটা পৰ্যায়তে সহায়ৰ হাত আগবঢ়াই এখন আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে। দেশত ৩ কোটি মহিলাক লাখপতি বাইদেউ গঢাৰ বাবে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন অনুসৰণ কৰি ৰাজ্য চৰকাৰেও ৰাজ্যৰ অন্ততঃ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গগাৰ সংকল্প লৈছে আৰু এই আঁচনিৰ আঁৰৰ উদ্দেশ্য এইটোৱেই বুলি তেওঁ মন্তব্য কৰে। মহিলা উদ্যমিতা পুঁজিৰ বিষয়ে উপস্থিত মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহলে ১ লাখ টকাৰ এটা পুঁজি গঠন হব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভারে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুবা তেওঁলোকে নিজস্বভাৱেও কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব বুলিও তেওঁ কয়।উক্ত এই সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, দিল্লুৰঞ্জন শৰ্মা, শশীকান্ত দাস, নগাঁও জিলা পৰিষদৰ সভানেত্রী গীতাঞ্জলি হাজৰিকা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈকে ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
