কলিয়াপানীস্থিত যোৰহাটৰ এখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

pc Facebook
কলিয়াপানীস্থিত যোৰহাটৰ এখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
অনলাইন বাৰ্ত্তাসেৱা – শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাটো অসম চৰকাৰৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ। কলিয়াপানীস্থিত যোৰহাটৰ এখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীজনাই। ১৪.৭৪ কোটি টকাৰ প্ৰতিষ্ঠানটো ২ বছৰত সম্পূৰ্ণ কৰা হ’ব। আমাৰ আৰু ৯ খন আইন মহাবিদ্যালয় থাকিব বুলি জানিবলৈ দি যথেষ্ট সুখী বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। NEP২০২০ ৰ অধিনত ৩হাজাৰখন উচ্চ মাধ্যমিক বিদ্যালয় ২০২২ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ব। অসমৰ বিশ্ববিদ্যালয়ৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। মন্ত্ৰী ৰানোজ পেগু, জোগেন মোহন; সাংসদ তপন কুমাৰ গোগোই আৰু কামাখ্যা প্ৰসাদ তাছা; বিধায়ক ৰেণুপোমা ৰাজখোৱা আৰু প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও যোগদান কৰে।
(UD.)