কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী – ৰবীন ভূঞা

PC - Anandabazar Patrika

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তন আৰু আশুতোষ মুখাৰ্জী

ৰবীন ভূঞা

অসমীয়া ভাষাক অসমতে একপ্ৰকাৰ নিষিদ্ধ কৰিছিল কোনে ? বাহিৰৰ শত্ৰুৱে ? আৰু আজি ?

পয়ত্ৰিশটা বছৰ নিজৰ ভূমিতে মাতৃভাষাক হেৰুৱাই বাংলা ভাষাক আঁকোৱালি লোৱা এটা দুৰ্ভগীয়া জাতিৰ নাম অসমীয়া। ক্ষমতাৰ বাবে বৃটিছৰ অভিসন্ধিৰ অন্ত নাছিল। সৰলমনা অসমীয়াৰ বিৰূদ্ধে এচাম সুবিধাবাদী বাঙালীয়ে তাহানিৰ পৰাই অস্ত্ৰ ধৰাই আহিছে। আজিও সক্ৰিয় সেই শক্তি। এচাম মূৰ্খ অসমীয়াই এইবোৰ অভিসন্ধি বুজিও নুবুজে। অগ্নিকবিয়ে কোৱাৰ দৰেই অসম শ্মশান নোহে কোনে কয়,,?

আমি দুজনা গুৰুক আজিও নুবুজিলোঁ। তেওঁৰ আদৰ্শৰ প্ৰায়োগিক গুৰুত্ব নুবুজাৰ বাবেই আজি ধৰ্মৰ নামত ব্যভিচাৰ সৃষ্টি হৈছে। বেজবৰুৱাৰ জাতীয়বোধ নুবুজাকৈয়ে আমি জাতীয়তাবাদী। আনন্দৰাম ঢেকিয়াল ফুকন,গুণাভিৰাম বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা,হেমচন্দ্ৰ গোস্বামী, অম্বিকাগিৰী, কমলাকান্তৰ ভাষা নুবুজাকৈ চলি আছে জাতীয়বাদৰ নামত অনেক দালালি। আজিৰ প্ৰজন্মক নিজৰ শিপাডালৰ পৰা কৌশলেৰে বিচ্ছিন্ন কৰি দিয়া হৈছে।অসমীয়া ভাষাৰ শিক্ষানুষ্ঠানৰ এতিয়া শ্মশান যাত্ৰা। জাতীয় স্বাভিমান মানে ৰাষ্ট্ৰীয় ঐক্যক অৱজ্ঞা কৰা নহয়। আজি কিন্তু এনে এক ধাৰণা দিয়া হৈছে যত জাতি বুলিলেই যেন ৰাষ্ট্ৰদ্ৰোহ ।

ইতিহাসৰ পৰা শিক্ষা লবলৈ আমি আজিও শিকা নাই।গড্ডালিকা প্ৰবাহত আমি উটি গৈ আছোঁ।

অসমীয়া ভাষাক মান্যতা দিয়াৰ বাবে আমি আশুতোষ মুখাৰ্জীকহে মনত ৰাখিম ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীক নহয়। আজি ৰাজনৈতিক দৃষ্টিৰে শ্যামাপ্ৰসাদ মুখাৰ্জীক পোহৰলৈ অনা হৈছে। কিন্তু অসমৰ বাবে আশুতোষ মুখাৰ্জীহে প্ৰাসংগিক।

সেই কথা বুজিবলৈ আমি সেইদিনবোৰলৈ ঘূৰি যাব লাগিব….

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰবৰ্তনৰ বাবে অহোপুৰুষাৰ্থ কৰা হেমচন্দ্ৰ গোস্বামীক একাংশ বাঙালী পণ্ডিতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্রামত বাধাৰ সৃষ্টি কৰা একাংশ বাঙালীৰ বিপৰীতে অসমীয়া ভাষাৰ পক্ষত থিয় দি হেমচন্দ্ৰক সাহস যোগাইছিল বংগৰ বাঘ খ্যাত পণ্ডিত ছাৰ আশুতোষ মুখাৰ্জীয়ে। অসমীয়া ভাষা যে এক স্বতন্ত্ৰ ভাষা সেই কথা প্ৰতিষ্ঠা কৰাৰ বাবে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অহৰহ বৌদ্ধিক যুঁজত নামিব লগা হৈছিল।

যিসময়ত কলিকতাত এচাম বাঙালী পণ্ডিতে অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা নহয়, ই বাংলা ভাষাৰ অপভ্ৰংশ বুলি প্ৰচাৰ চলাইছিল সেইসময়ত লক্ষ্মীনাথ, হেমচন্দ্ৰ, চন্দ্ৰকুমাৰে জোনাকীৰ জৰিয়তে আৰম্ভ কৰিছিল অসমীয়া ভাষা সাহিত্যৰ এক বৈপ্লৱিক জাগৰণ।

বংগৰ দীনেশচন্দ্ৰ নামৰ এজনে অসমীয়া ভাষাৰ বিৰুদ্ধে চলাইছিল নানা ষড়যন্ত্ৰ।’অসমীয়া সাহিত্যৰ চানেকি” প্ৰকাশৰ বিনিময়ত অসমীয়া ভাষাক বাংলা ভাষাৰ অপভ্ৰংশ বুলি স্বীকাৰ কৰি লবলৈ হেমচন্দ্ৰ গোস্বামীক এইদৰে কৈছিল আপোনালোকৰ দৰে দুখীয়া লোকে ভাষাৰ কি উন্নতি কৰিব। অসমীয়াক বাংলাৰ অপভ্ৰংশ বুলি মানি লওক।এই তাচ্ছিল্যৰ উত্তৰত গোস্বামীয়ে কৈছিল আমি দুখীয়া হলেও আনৰ ধনী বাপেকক আমাৰ পিতৃ বুলিতো কব নোৱাৰো। এই গোড়া বাঙালীক হেমচন্দ্ৰই কৈছিল আপুনি এবাৰ অসমলৈ আহক। আসুৰিক ঔষধ খুৱাই আপোনাৰ মত সলনি কৰি দিম।

দীনেশচন্দ্ৰৰ দৰে অসমীয়াৰ শত্ৰুক সেইসময়ত প্ৰত্যাহ্বান জনাইছিল আশুতোষ মুখাৰ্জীয়ে। অসমীয়া ভাষাক কলিকতা বিশ্ববিদ্যালয়ত প্ৰবৰ্তনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখাৰ্জীৰ বাবে নিৰ্ভৰযোগ্য ব্যক্তি আছিল হেমচন্দ্ৰ গোস্বামী।

১৯১৮ চনৰ ১৮ মাৰ্চ। আশুতোষ অসম পালেহি। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ঘোঁৰা গাড়ীত উঠাই তেওঁক আদৰি অনা হ’ল। ছাৰ আশুতোষৰ খ্যাতি ইতিমধ্যেই অসমৰ বৌদ্ধিক ক্ষেত্ৰত বিয়পি পৰিছিল। তেওঁক চাবলৈ, সম্বৰ্ধনা জনাবলৈ কটন কলেজিয়েট স্কুলৰ চৌহদত ভিৰ লাগিল। তেওঁ যেতিয়া ভাষণত কলে অসমীয়া ভাষাই বিশ্ববিদ্যালয়ত স্থান পাব তেতিয়া সভাস্থলীত আনন্দৰ জোৱাৰ উঠিল।
অসমলৈ আহোঁতে কামাখ্যা , উমানন্দ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰকো সাক্ষাৎ কৰিলে।এই দৰে আশুতোষৰ অসমীয়াৰ সৈতে এক সম্পৰ্ক গঢ়ি উঠে।।
আশুতোষৰ এই পৰিকল্পনাক সাৰ্থক ৰূপ দিয়াৰ বাবে হেমচন্দ্ৰ গোস্বামীযে প্ৰায় ডেৰ হাজাৰ বছৰীয়া অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিভিন্ন দিশ বিস্তাৰিতভাবে অন্তৰ্ভুক্ত কৰি অসমীয়া সাহিত্যৰ চানেকি নামকৰণেৰে এখন আঁচনি প্ৰস্তুত কৰি সেই বছৰৰ ২৩ এপ্ৰিলত আশুতোষক জমা দিয়ে। গোস্বামীৰ এই আঁচনিক আশুতোষ মুখাৰ্জীয়ে উচ্চ প্ৰশংসা কৰে।১৯১৮ চনৰ ৩১ আগষ্ট ত কলিকতা বিশ্ববিদ্যালয়ৰ চিনেট সভাই এই আঁচনিত অনুমোদন জনায়। হেমচন্দ্ৰ গোস্বামীয়ে মাত্ৰ তিনিটা বছৰৰভিতৰতে কঠোৰ পৰিশ্ৰম কৰি ২৫০০ পৃষ্ঠাৰ সাতটা খণ্ডত অসমীয়া সাহিত্যৰ চানেকি প্ৰস্তুত কৰিছিল।

১৯২২ চনৰ ২৮ জানুৱাৰীত কলকাতাত হোৱা প্ৰাচ্য সন্মিলনত হেমচন্দ্ৰ গোস্বামীয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল। অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত আৰম্ভ কৰাৰ আনুষ্ঠানিক কাম সম্পূৰ্ণ হোৱাৰ পাছত পাঠ্যপুথি প্ৰকাশ কৰাকলৈ সমস্যাই দেখা দিয়াত হেমচন্দ্ৰ গোস্বামীয়ে সদাগৰ ভোলানাথ বৰুৱাৰ পৰা সহায় বিচাৰিলে। দানবীৰ ভোলানাথে অসমীয়াসাহিত্যৰ চানেকি প্ৰকাশৰ বাবে দহ হাজাৰ টকা দান দিয়ে।হেমচন্দ্ৰ গোস্বামীৰ সৈতে ভোলানাথ বৰুৱাৰ ওচৰলৈ আশুতোষ মুখাৰ্জীও গৈছিল।

এইদৰেই অসমীয়া সাহিত্যৰ চানেকি সাতটা খণ্ডত প্ৰকাশ পায়।লগে লগে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বুনিয়াদ গঢ় লৈ উঠে। দুৰ্ভাগ্যৰ বিষয় অসমীয়া সাহিত্যৰ চানেকিৰ আটাইকেইটা খণ্ডৰ প্ৰকাশৰ মুখ নেদেখাকৈয়ে ১৯২৪ চনৰ ২৫ মেত ছাৰ আশুতোষ, ১৯২৩ চনৰ ৩০ মেত সদাগৰ ভোলনাথ আৰু ১৯২৮ চনৰ ২ মেত মাত্ৰ ৫৬ বছৰ বয়সত পণ্ডিত হেমচন্দ্ৰ গোস্বামীযে পৃথিৱীৰ পৰা বিদায় মাগে। কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ, হেমচন্দ্ৰ আৰু সাউড ভোলানাথে কৰা অহোপুৰুষাৰ্থৰ কথা ইতিহাসে সদায় কৈ থাকিব। ভাৰতীয় প্ৰদেশীয় ভাষাৰ প্ৰচাৰ প্ৰসাৰ তথা গুৰুত্ব অনুধাৱন কৰা আশুতোষ মুখাৰ্জীযে তেওঁৰ এই সপোনৰ কথা Outlines of a scheme for the Advance Study of the Indian Vernaculars শীৰ্ষক লেখাত প্ৰকাশ কৰিছে।

ছাৰ আশুতোষৰ দৰে উদাৰ, দূৰদৃষ্টিসম্পন্ন গুণী পণ্ডিতে অসমীয়া ভাষাৰ স্বতন্ত্ৰ সত্তাক বুজি পোৱাৰ বাবেই অসমীয়া ভাষাই বিশ্ববিদ্যালয়ৰ স্তৰত খোপনি পুতিবলৈ সক্ষম হয়। অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰথম সংস্কৰণৰ বিভিন্ন পৃষ্ঠাত এই বিষয়ে সম্ভ্ৰমেৰে উল্লেখ কৰা হৈছে। সুদীৰ্ঘ দহ বছৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব পালন কৰা আশুতোষ মুখাৰ্জীৰ পুত্ৰ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী ১৯৩৪ চনৰ পৰা ১৯৩৮ চনলৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকাৰ সময়তে ১৯৩৫ চনত অসমীয়া ভাষাৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ হৈছিল। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা শ্যামাপ্ৰসাদ উপাচাৰ্য হৈ থকাৰ সময়তে ১৯৩৭ চনত পালিভাষাৰ আশংকালীন অধ্যাপকৰূপে কলিকতা বিশ্ববিদ্যালয়ত যোগদান কৰে।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ মুখাৰ্জীক অসমীয়াৰ বন্ধু আখ্যা দিছিলঅধ্যাপক অম্বিকানাথ বৰাই। অসমীয়া সাহিত্যৰ চানেকিত অম্বিকানাথ বৰাই কৈছিল ভাৰতৰ উজ্জ্বল ৰত্ন ছাৰ আশুতোষ মুখাৰ্জীযে বহু চেষ্টাৰ কৰি ভাৰতৰ অন্যান্য ভাষাৰ লগতে অসমীয়া ভাষাকো ঠাই দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল । আন বাঙালী পণ্ডিতে বাধা দিছিল যদিও অসম বন্ধু মুখাৰ্জীৰ অক্লান্ত চেষ্টাত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা স্বীকৃত হল।