কলা-সংস্কৃতিপ্ৰেমী গোবিন চন্দ্ৰ দেৱ গোস্বামী
অঞ্জু শাণ্ডিল্য
অসমৰ ঐতিহ্য মণ্ডিত ৰজাঘৰীয়া চাৰিসত্ৰৰ এখন শ্ৰী শ্ৰী কুৰুৱাবাহীসত্ৰ।উজনি অসমৰ বোকাখাত নগৰৰ সমীপত সত্ৰখনে সত্ৰীয়া কলা-সংস্কৃতিক গৌৰৱৰে উজ্জ্বলাই তুলিছে ।সেই সত্ৰৰে প্ৰয়াত শ্ৰী শ্ৰী যোগানন্দ দেৱ গোস্বামীৰ কনিষ্ঠ পুত্ৰ গোবিন চন্দ্ৰ দেৱ গোস্বামী ।সত্ৰৰ গোসাই ল’ৰাৰূপে সৰুৰেপৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হয়।সত্ৰত চৰ্চা হোৱা নাম-কীৰ্তন,সত্ৰীয়া নাটক,ভাওনা, ইত্যাদিত শিশু অৱস্থাৰেপৰা জড়িত হৈ পৰে। সত্ৰৰ পৰম্পৰা অনুসৰি নাম-গান,গায়ন-বায়ন আদি আহৰন কৰি সুচাৰুৰূপে পৰিবেশন কৰিব পাৰিছিল ।পাছলৈ বহুকেইখন নাটক ৰচনা কৰি ভাওনা কৰাইছিল। সৰুতেই কলা-সংস্কৃতিৰ প্ৰতি ঢাল খোৱা মনটো ব্যৱসায়,ঘৰ -সংসাৰ,সামাজিক কাম-কাজত আৱদ্ধ থাকিও কলা-সংস্কৃতিৰ ক্ষেত্ৰৰ পৰা আতৰিব নোৱাৰিলে। বোকাখাত নগৰৰ সমীপত আনন্দপুৰ চাহবাগিচা,নগৰৰ মাজমজিয়াত ‘চন্দ্ৰমা’চিনেমা হল,ঘৰ-পৰিয়ালৰ নানান সমস্যা -জঞ্জাল সামৰিও কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন কাম-কাজ কৰি গ’ল।সত্ৰৰ বছৰে বছৰে অনুষ্ঠিত হোৱা ৰাস,ফাকুৱা, যজ্ঞ, পূৰ্বপুৰুষৰ মৃত্যুতিথি আদিত ভাওনা, সাংস্কৃতিক অনুষ্ঠানবোৰত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল ।বোকাখাতত থকা পুৰনি নাট্যমন্দিৰটো মৃত প্ৰায় অৱস্থাৰপৰা উদ্ধাৰ কৰি আধুনিক মঞ্চ, প্ৰেক্ষাগৃহৰে সজাইপৰাই তোলে।ডাক্তৰ প্ৰবীন কলিতা,জিতেন বৰুৱা,তিলেশ্বৰ বৰুৱা,ভুৱন কলিতা অতুল বৰা,প্ৰভাত কাকতি আদিক লগত লৈ নাট্যমন্দিৰ পুনৰ নিৰ্মাণ কমিতি গঠন কৰি ,দান-বৰঙনি তুলি, নিজেও অৰ্থ সাহায্য দি নাট্যমন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ।নৱনিৰ্মিত নাট্যমন্দিৰত অচ্যুত লহকৰৰ ‘সতীবেউলা’ নাটক মঞ্চস্থ কৰোৱায়।প্ৰথমবাৰৰ বাবে বোকাখাতত ভাম্যমান নাট্যদলে চাৰিদিনীয়াকৈ নাটক প্ৰদৰ্শন কৰিলে।তাৰ পাছৰপৰা কলা-সংস্কৃতিপ্ৰেমী মানুহজনৰ প্ৰচেষ্টাত কহিনুৰ, আৱাহন, আৰাধনা আদি ভাম্যমান নাট্যদলে নাটক প্ৰদৰ্শন কৰিবলে ল’লে। নাটক মঞ্চস্থ হোৱাৰ উপৰিও বিহু,পূজা আদি অনুষ্ঠিত হোৱাৰ লগতে নানা সাংস্কৃতিক অনুষ্ঠান সেই নাট্যমন্দিৰত অনুষ্ঠিত কৰিছিল ।বহুবছৰ সভাপতিৰ আসনতো আছিল ।১৯৩৭চনৰ৫মে’ত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সঙ্গীতৰ প্ৰতিও অনুৰাগী আছিল ।কৈশোৰ কালত তবলা বজাইছিল।খোলবাদন ,সত্ৰীয়া নৃত্যবিদ্যাত পাৰ্গত মানুহ জনে নিজে খোল বজাই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল ।বহুত গীত,নাটক ৰচনা কৰিছিল।নাটক পৰিচালনা কৰাৰ উপৰিও মঞ্চস্থ কৰে। লুপ্তপ্ৰায় বহু পৌৰাণিক গীত -মাত,উদ্ধাৰ কৰি সত্ৰত চৰ্চা কৰিছিল।ওচৰৰ গাঁও অঞ্চলত কলা-সংস্কৃতিৰ, গায়ন-বায়নৰ প্ৰশিক্ষণ দিছিল ।নিজে লিখা নাটকত কল্যাণ খৰমান ৰাগৰ গীত ৰচনা কৰিছিল -“অভিনয় সামৰিয়া প্ৰাৰ্থনা আৰম্ভ হৈলা আমি অতি মূঢ়জন।’প্ৰবীৰ পতন’ নাটক খনত নিজেই খোলত কল্যাণ খৰমানৰ ঘাট বজাইছিল।আনন্দপুৰ চাহবাগিচা পৰিচালনা কৰিবলৈ লোৱাৰ পাছৰপৰা বাগিচাত ৰাসযাত্ৰাকে ধৰি থিয়েটাৰ আদিও পাতিবলৈ লয়।বাগিচাত বঙলাৰ চৌহদত ৰঙ্গ মঞ্চ সাজি লৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ কৰোৱাৰ ব্যৱস্থা কৰিছিল ।ৰাসযাত্ৰাৰ ভাওনাত চাহ-মজদুৰেও অভিনয় কৰাৰ সুযোগ দিছিল ।১৯৯৩চনৰ ৰাসযাত্ৰাত কুৰুৱাবাহীৰ যুৱক -যুৱতী সকলে ৰাসলীলা প্ৰদৰ্শন কৰে।এই ৰাসলীলাৰ সম্পূৰ্ণ খৰচ মানুহজনে বহন কৰিছিল। মানুহ জনৰ উদ্যোগতে কুৰুৱাবাহীত জন্মলাভ কৰিছিল- কুৰুৱাবাহী কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ । চন্দ্ৰমা চিনেমাহললৈ প্ৰতিখন অসমীয়া চিনেমাৰ প্ৰদৰ্শন কৰোৱাইছিল।বহু চিনেমাৰ দৃশ্যগ্ৰহণ বাগিচাত আৰু বঙলাত হৈছিল।সেই সময়ত চিনেমাৰ ইউনিট আৰু অভিনেতা -অভিনেত্ৰীৰ থকা-খোৱাৰ সুব্যৱস্থা বঙলাতে কৰি দিছিল ।আজীৱন কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন কাম-কাজ কৰি থকা মানুহ জনৰ ২০১৯ চনৰ ২৪মে’ মৃত্যু ঘটে। এই জন মানুহ উত্তৰ পুৰুষৰ বাবে আদৰ্শ হৈ ৰ’ব।জন্মদিনৰ শ্ৰদ্ধাৰ্ঘ আগবঢ়ালো।