কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা – হীৰক কলিতা

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
 হীৰক কলিতা , ছাত্ৰ , নলবাৰী মহাবিদ্যালয়
বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকাত । তেওঁৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গোঠি ৰাভা । বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী অসমীয়া কবি , লেখক , গীতিকাৰ , অভিনেতা , নৃত্যশিল্পী , গল্পকাৰ , নাট্যকাৰ আৰু বাদ্য – শিল্পী আছিল । বিষ্ণুপ্ৰসাদ ৰাভাই লিখা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয় । বিষ্ণুপ্ৰসাদ ৰাভাই কবিতা , গল্পৰ লগতে বিভিন্ন প্ৰকাৰৰ প্ৰবন্ধ ৰচনা কৰিছিল । বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী চিত্ৰকৰো আছিল তেওঁ অঁকা ছবি সমূহৰ ভিতৰত শ্ৰী মন্ত শংকৰদেৱৰ চিত্ৰ আৰু ” বাঁহী ” আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাত খলপীয়া সিংহাসনৰ ছবি বিশেষভাৱে উল্লেখযোগ্য । বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায় । বিষ্ণুপ্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল । তেওঁ কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য আছিল । পাছলৈ বিধানসভাৰ এগৰাকী সদস্য হৈছিল । বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়াৰ লগতে বাংলা , বড়ো , ৰাভা আদি বিভিন্ন ভাষা সম্বন্ধে জ্ঞান আছিল  । বিষ্ণুপ্ৰসাদ ৰাভাই অভিনয় কৰা দুখন বোলছবি হ’ল ছিৰাজ আৰু এৰা বাটৰ সুৰ । ১৯৬৯ চনৰ ২০ জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় । এই মহান ব্যক্তিগৰাকীৰ মৃত্যুৰ দিনটোত বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী পালন কৰা হয় ।