কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
বাহাৰুল ইছলাম (শিক্ষক)
সৃষ্টিৰ পথাৰত বাৰেবৰণীয়া ৰং সানি
বহুখোজ গ’লা আগুৱায়,
অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকীৰে
বিশ্ব দৰবাৰত নিলা কঢ়িয়ায়।
কলাৰ গুৰুহৈ কলা-সংস্কৃতিৰে
সাধিলা বহু উন্নতি,
বৈৰীয়ে অপযশ ৰচি নোৱাৰে কদাপি
জাতিৰ অৱনতি।
কোকিল কন্ঠেৰে অমিয়া গীতেৰে
কাঢ়িলা মন-প্রাণ,
জ্ঞানৰ জ্যোতি বিলাই চৌদিশে
আনিলা দেশৰ মান।
সুন্দৰৰ আৰাধনা কৰি নিজকে কৰিলা
জাতিৰ কোঁৱৰ,
অশেষ কষ্টৰ বিনিময়ত দিছা জাতিক
সংগীতৰ পোহৰ।
অভিনয়ৰ জৰিয়তে সমাজ সংস্কাৰ
নৃত্য-গীতৰ কৰিলা সৃষ্টি,
বিবিধ নাটক সৃষ্টিৰে ৰঙীন কৰিলা
সৰিছে কলাৰ বৃষ্টি।
সংস্কৃতিৰ পথাৰত সোণগুটি সিঁচি
তুমিয়েই চমৎকাৰ চিত্রশিল্পী,
গগণফলা ৰণধ্বনিৰে আনিছা স্বাধীনতা
তুমিয়েই অতুলনীয় নৃত্যশিল্পী।