কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান-২০২৪ প্রদান কৰে। শীর্ষ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হয় অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাক। উচ্চমানৰ সামৰিক নেতৃত্ব, কৌশলগত পৰিকল্পনা তথা সিদ্ধান্ত গ্রহণ, বহুমুখী প্রশিক্ষণ, সামর্থ্য বৃদ্ধি আৰু সাধাৰণ প্ৰশাসনৰ ক্ষেত্ৰত চাৰি দশকজোৰা অভিজ্ঞতাৰে পুষ্ট সুদক্ষ সামৰিক বিষয়া কলিতাই ইষ্টার্ন কমাণ্ডাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে অৱসৰ গ্ৰহণ কৰিছে।  এই সময়ছোৱাত পাঁচখন দেশৰ সীমান্তৰ সৈতে সংযুক্ত দেশৰ ৯খন ৰাজ্য তেওঁৰ দায়িত্বত আছে।বৃহৎ প্ৰতিৰক্ষা সংস্থাসমূহৰ পৰিকল্পনা আৰু কাম-কাজ পৰিচালনাৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত ব্যৱস্থাপনা, দুর্যোগ ব্যৱস্থাপনা, সা-সামগ্রী ব্যৱস্থাপনা আৰু যোগান ব্যৱস্থাপনাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট অভিজ্ঞতাপুষ্ট। চাকৰি জীৱনৰ আৰম্ভণিতে কলিতাই শ্রীলংকাত অপাৰেচন পৱনত অংশ লৈছিল আৰু কাশ্মীৰত এটা ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ নেতৃত্ব দিছিল। কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা এলেকাৰ প্রত্যাহ্বানমূলক পৰিৱেশত তেওঁ এটা সেনা মণ্ডল আৰু পিছলৈ উত্তৰ-পূবৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এটা বিশেষ সেনা বাহিনীৰ নেতৃত্ব বহন কৰিছিল। তেওঁ চিয়েৰালিয়ন আৰু ছুডানৰ সংঘৰ্ষ জৰ্জৰিত অঞ্চলসমূহতো ৰাষ্ট্ৰসংঘৰ অধীনত পৰিচালিত শান্তিৰক্ষা অভিযানত অংশগ্ৰহণ কৰিছিল। গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্র কলিতাই খড়কৱাস্নাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্রশিক্ষণ গ্ৰহণৰ লগতে বেলিংটনৰ ডিফেঞ্চ ছার্ভিচেছ ষ্টাফ কলেজ, হায়াৰ কমাণ্ড আৰু নেচনেল ডিফেঞ্চ কলেজত অধ্যয়নৰ পিছত মাদ্রাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা আৰু কৌশলগত বিদ্যা আৰু ইন্দোৰৰ দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা আৰু ব্যৱস্থাপনা শিক্ষাত এম ফিল ডিগ্রী লাভ কৰে। বৰ্তমান কলিতা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি থকাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু আইন বিভাগৰ অতিথি অধ্যাপক। আনহাতে ৰাজ্য চৰকাৰৰ দ্বিতীয় সর্বোচ্চ অসম সৌৰভ সন্মান প্রযুক্তি বিশেষজ্ঞ তথা প্রতিষ্ঠান নির্মাতা তামিলনাডুৰ সুব্রমণিয়ান ৰামাদোৰাই, প্রখ্যাত শিক্ষাবিদ-পৰিৱেশ বিজ্ঞানী হোজাইৰ ড° বাপ্পী পাল, বিজ্ঞানী-প্রযুক্তিবিদ লখিমপুৰৰ ড° পূৰৱী শইকীয়া, ৰাজ্যখনৰ প্ৰবীণ জনপ্রিয় সংগীত শিল্পী কামৰূপ (মহানগৰ) জিলাৰ দ্বীপেন বৰুৱা, বিশিষ্ট নাট্যকাৰ-চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ দৰঙৰ হেমন্ত দত্ত আৰু ভাৰতীয় জাতীয় ক্রিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ক্রিকেট খেলুৱৈ গোলাঘাটৰ উমা ছেত্রীক আগবঢ়োৱা হৈছে।তদুপৰি ৰাজ্য চৰকাৰৰ তৃতীয় সর্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰা হয় শগুন সংৰক্ষণৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা লখিমপুৰৰ ফুলেশ্বৰী দত্ত, মাত্র ৩১৭ দিনত ৬৪খন দেশ মটৰ বাইকিঙেৰে ভ্ৰমণ কৰি উল্লেখনীয় কৃতকার্যতা লাভ কৰা কামৰূপ (মহানগৰ) জিলাৰ মীনাক্ষি দাস, ইণ্ডিয়ান ছুপাৰ লীগত তথা বৰ্তমান ডুৰাণ্ড কাপ চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফ চি দলত ফৰৱাৰ্ড হিচাপে খেলা খেলুৱৈ শিৱসাগৰৰ পাৰ্থিৱ সুন্দৰ গগৈ, বিশিষ্ট টেৰাকটা শিল্পী (হস্তশিল্প) ধুবুৰীৰ ধীৰেন্দ্ৰ নাথ পাল, বিশিষ্ট কাঁহশিল্পী বৰপেটাৰ হৰিদাস দাস, কাৰ্বি আংলং জিলাৰ মাঞ্জা অঞ্চলৰ ছাত্র-ছাত্রীক বিনামূলীয়াকৈ শিক্ষা প্রদান কৰি অহা সমাজসেৱী বিনং টেৰণ, বিশিষ্ট মীনপালক শ্রীভূমিৰ নজৰুল হক, কৃষি আৰু সহযোগী খণ্ডত বিশিষ্ট বৰঙণি আগবঢ়োৱা যোৰহাটৰ বিশ্বজিৎ বৰা, অসমত শ্বেত বিপ্লৱৰ সূচনা কৰাৰ দিশত বিশেষ বৰঙণি আগবঢ়োৱা বজালীৰ দুগ্ধ উৎপাদক ভাৰত চন্দ্ৰ কলিতা, বড়ো লোকসংগীত শিল্পী কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰী, চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰতিভাৱান সংগীতজ্ঞ ডিব্ৰুগড়ৰ ৰামচন্দ্ৰ চাচনী,ষ্ট্ৰার্টআপ-অতি ক্ষুদ্র-ক্ষুদ্ৰ আৰু মজলীয়া প্রতিষ্ঠান স্থাপনেৰে উজলি উঠা শিৱসাগৰৰ উপমন্যু বৰকাকতি আৰু বহন ক্ষমতাৰ জৰিয়তে নিৰ্মাণ উদ্যোগ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তনৰ লক্ষ্যৰে আগবঢ়া স্টার্টআপ-অতি ক্ষুদ্র-ক্ষুদ্ৰ আৰু মজলীয়া প্রতিষ্ঠান স্থাপন কৰা শিৱসাগৰৰ ডেভিদ প্রতিম গগৈক। আনহাতে, ৰাজ্য চৰকাৰে এইবাৰ প্ৰথমবাৰৰ বাবে খাদ্য উদ্যোগ, পৰিৱেশ পৰ্যটন আৰু বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা তিনিটা প্রতিষ্ঠানকো অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে। কাজিৰঙাৰ সমীপৰ নান্দনিক সৌন্দৰ্যৰে ভৰা নতুনদাংগা নামৰ গাঁওখনৰ বিনন্দীয়া পৰিৱেশত অৱস্থিত ‘চৌৰান আহেম’-এ কাৰ্বি থলুৱা খাদ্য আগবঢ়াই আহিছে। নতুনদাংগা ইক’ ডেভেলপমেন্ট কমিটী আৰু ইংনাম আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত এই কেন্দ্রটোৱে দেশ-বিদেশৰ পৰ্যটকসকলকো আকর্ষিত কৰিবলৈ সক্ষম হৈছে। চৌৰান আহেমৰ নেতৃত্ব বহন কৰি অহা মংগলছিং টেৰণে প্রতিষ্ঠানটোৰ হৈ ৰাজ্যপাল আচাৰ্যৰ পৰা অসম গৌৰৱ সন্মান গ্ৰহণ কৰে। সেইদৰে তিনিচুকীয়া জিলাৰ বাৰেকুৰি গাঁৱে প্ৰকৃতি আৰু মানুহৰ মাজত নিবিড় সম্পর্ক স্থাপন কৰি হলৌ বান্দৰৰ সামূহিক উদ্যান হিচাপে পৰিচিতি লাভ কৰিছে। বাৰেকুৰি গাঁৱৰ হৈ বিপ্লৱ চুতীয়াই ৰাজ্যপাল আচাৰ্যৰ পৰা অসম গৌৰৱ সন্মান গ্ৰহণ কৰে। নগাঁৱৰ হাতীবন্ধু নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে মানুহৰ বসতিস্থলত হাতীৰ বিচৰণ আৰু শস্য বিনষ্টকৰণ প্ৰতিৰোধ কৰি হাতী-মানুহৰ সংঘাত লাঘৱ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। নেপিয়াৰ ঘাঁহ আৰু হাতীৰ প্ৰিয় বনৰীয়া ফলমূলৰ বৃক্ষ ৰোপণেৰে হাতীৰ সৰগী বসতিস্থল সৃষ্টি কৰাটো সংস্থাটোৰ এক প্রধান পদক্ষেপ। ২০১৮ বৰ্ষত আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে হাতীৰ কৰিড’ৰ হিচাপে ব্যৱহৃত ২৬৫ একৰ অনা-কৃষিভূমিত হাতীৰ বাবে প্রাকৃতিক খাদ্যৰ উৎস সৃষ্টি কৰা হৈছে আৰু এই ব্যৱস্থাই হাতী-মানুহৰ সংঘাত নিৰাময়ত প্রভূত বৰঙণি আগবঢ়াইছে।  হাতীবন্ধুৰ প্ৰতিষ্ঠাপক প্রদীপ কুমাৰ ভূঞাই ৰাজ্যপাল আচাৰ্যৰ পৰা অসম গৌৰৱ সন্মান গ্রহণ কৰে।অৱশ্যে  অসম সৌৰভ সন্মানেৰে সন্মানিত উমা ছেত্রী পেছাদাৰী ব্যস্ততাৰ বাবে অনুষ্ঠানত উপস্থিত থাকি বঁটা গ্রহণ কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত জিলা আযুক্তই খেলুৱৈগৰাকীৰ বাসগৃহলৈ গৈ এই বঁটা প্ৰদান কৰিব। এই অনুষ্ঠানটোৰ আঁত ধৰে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই।