কলাক্ষেত্ৰত প্ৰয়াস কলাকেন্দ্ৰৰ ‘নৃত্য উৎসৱ ২০২৪’

কলাক্ষেত্ৰত প্ৰয়াস কলাকেন্দ্ৰৰ ‘নৃত্য উৎসৱ ২০২৪’

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ প্ৰয়াস কলাকেন্দ্ৰই বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব নৃত্য দিৱসৰ লগত সংগতি ৰাখি ২৮ এপ্ৰিলত আয়োজন কৰে ‘নৃত্য উৎসৱ ২০২৪’ৰ।মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এই নৃত্যানুষ্ঠান অনুষ্ঠিত হয়৷অনুষ্ঠানত সত্ৰীয়া নৃত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন আৰু নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰক ‘শ্ৰেষ্ঠশ্ৰী কলানিধি’ সন্মানেৰে সন্মানীত কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে বাবে উদ্যোক্তাসকলে তেওঁক বাসগৃহত বঁটা প্ৰদান কৰিব বুলি জনায়। আনহাতে নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে’শ্ৰেষ্ঠশ্ৰী কলানিধি’ সন্মান গ্ৰহণ কৰি তেওঁ এই সন্মানৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে এই সন্মানৰ বাবে তেওঁৰ গুৰু সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।প্ৰয়াস কলাকেন্দ্ৰৰ সম্পাদক তথা সত্ৰীয়া নৃত্যশিল্পী ডিম্পী বৈশ্যৰ নৃত্য প্ৰতিভাৰ গুণানুকীৰ্তন কৰে৷ অনুষ্ঠানত নৃত্যাচার্য যতীন গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত সংগীত নাটক একাডেমীৰ উত্তৰ-পূব কেন্দ্ৰৰ সঞ্চালক ড° অৰূপ বৰদলৈ, অসম সত্ৰ মহাসভাৰ সচিব পংকজ শইকীয়া, নৃত্যগুৰু গোবিন্দ শইকীয়া, জ্যেষ্ঠ সাংবাদিক অতুল দত্ত, বিশিষ্ট নৃত্যশিল্পী অনিতা শর্মা,ড° মনিষা দেৱী গোস্বামী, ৰুমী তালুকদাৰ প্ৰয়াস কলাকেন্দ্ৰৰ উপ-সভাপতি সৰোজনী বৈশ‍্যৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকী শাস্ত্ৰীয় নৃত্য শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে৷আয়োজক সকলৰ প্ৰয়াস কলাকেন্দ্ৰৰ সম্পাদক,বিশিষ্ট নৃত্যশিল্পী ডিম্পী বৈশ্য অনুষ্ঠানত উপস্থিত সকলোৰে শলাগ লয়৷