কলাক্ষেত্ৰত নেত্ৰদান কাৰ্যসূচী

Pc Cedars-Sinai

কলাক্ষেত্ৰত নেত্ৰদান কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭ মে’ত পুৱা ৯:৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সুপ্ৰভাত কলাক্ষেত্ৰ গোটৰ উদ্যোগত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৃষ্ঠপোষকতাত আৰু শ্ৰী শংকৰদেৱ নেত্রালয়ৰ সহযোগত এক সমুহীয়া নেত্রদান কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষ্যে প্ৰায় ডেৰশ জন সহৃদয় ব্যক্তিয়ে সমুহীয়াকৈ নেত্রদানৰ সন্মতি প্ৰকাশ কৰিব৷ এনেদৰে ইমান বৃহৎ সংখ্যক ব্যক্তিয়ে সমূহীয়াকৈ নেত্রদান কৰা কাৰ্য্যসূচী অসমত এয়ে প্ৰথম৷ অনুস্থানটোত মুখ্য অতিথি ৰূপে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপৰিও বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ উক্ত ব্যতিক্ৰমী আৰু গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত উপস্থিতি থাকিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷