কলাক্ষেত্ৰত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়-বিনিময় অভিযানৰ কৰ্মশালা

কলাক্ষেত্ৰত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়-বিনিময় অভিযানৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্ৰথম পৰ্যায়ৰ চতুৰ্থ কৰ্মশালাখনি পুৱাৰ ভাগত যোগ প্ৰশিক্ষণেৰে ষষ্ঠ দিনাৰ কৰ্মশালা অনুষ্ঠিত হয়৷যোগ গুৰুকুল অসমৰ ডা° হিমাংশু বুজৰবৰুৱাৰ তত্বাৱধানত যোগাসনৰ প্ৰশিক্ষণ দিয়ে৷দ্বিতীয় সত্ৰত জনগোষ্ঠী অনুযায়ী ভোৰতাল,সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় সংস্কৃতিৰ আভাস প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়৷কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এক বৌদ্ধিক আলোচনা সত্ৰত বক্তৃতা প্ৰদান কৰে উত্তৰ পূবৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক শংকৰ দাসে৷সম্বৰ্ধনা জনাই কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সোণোৱালে৷সুবক্তা তীৰ্থাংক দাস কলিতাই বক্তৃতাৰ  সামৰণিৰ পাছত প্ৰশ্নোত্তৰ শিতানত প্ৰতিটো জনগোষ্ঠীৰ  প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলে বক্তৃতাৰ বিষয় সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন উথ্থাপন কৰে আৰু বক্তাজনে তেওঁলোকৰ প্ৰশ্নৰ সঠিক উত্তৰ প্ৰদান কৰে৷