কলাইগাওঁ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ বিয়োগত শোকস্তব্ধ দৰং

কলাইগাওঁ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ বিয়োগত শোকস্তব্ধ দৰং

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট অধিবক্তা, সমবায় আন্দোলনৰ নেতা, কলাইগাওঁ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত শইকীয়াৰ (৮৬) ১৭ চেপ্তেম্বৰ ত বাৰ্ধক্যজনিত ৰোগত মঙ্গলদৈ ৰাজাপাম স্হিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।‌ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত ডিপ্ল’মা (Diploma in Journalism) অৰ্জন কৰা দৰঙৰ প্ৰথম গৰাকী ব্যক্তি আছিল ৷ সদৌ অসম ছাত্ৰ সন্থাক বিভিন্ন পৰ্যায়ত তেওঁ সুদৃঢ় নেতৃত্ব প্ৰদান কৰি সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল।প্ৰাপ্ত তথ্য অনুসৰি মঙলদৈ জিলা শিক্ষিত নিবনুৱা পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে দৰঙৰ প্ৰয়াত মুক্তিযোদ্ধা পানীৰাম দাসৰ নেতৃত্বত ১৯৭১ চনতে জিলাখনৰ শিক্ষিত যুৱক সকলক কৃষি সমবায়ৰ লগত জড়িত কৰি এটি জাগৰণৰ সৃষ্টি কৰিছিল ৷ ১৯৭২ চনত কলাইগাওঁ সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ উপৰিও অধুনালুপ্ত দৰং জিলা সাংবাদিক সন্থাৰ সভাপতি হিচাবে ১৯৯৩ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ৷ এগৰাকী সফল অধিবক্তা হিচাপে সুনাম অৰ্জন কৰাৰ লগতে জিলা খনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পুৰোধা ব্যক্তি ৰূপে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। দৰঙৰ অন্যতম মঙ্গলদৈ নগৰ সমবায় বেংকৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপে সুদীৰ্ঘ কাল দায়িত্বত নিয়োজিত হৈ এক গতিশীলতা প্ৰদান কৰিছিল। প্ৰবীণ ৰাজনীতিবিদ জনৰ মৃত্যুৰ বাতৰিত সমগ্ৰ দৰঙতে শোকৰ ছাঁ পৰাৰ লগতে ভিন্ন দল সংগঠনৰ নেতা, অনুষ্ঠান প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে নিজ বাসগৃহত উপস্হিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। আনহাতে জিলাখনৰ জনপ্ৰতিনিধি সকলৰ উপৰিও ৰাজ্য তথা গৃহ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,দল সংগঠন , ব্যক্তিয়ে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।