কলম – ৰূপালী গগৈ চুতীয়া

কলম 

ৰূপালী গগৈ চুতীয়া
 ডিব্ৰুগড়

তোমাক প্ৰাণ ভৰি ভাল পাওঁ
সেয়ে ব্যৱহাৰ নকৰোঁ ,
প্ৰতিটো মূহুৰ্তত তুমি কাষত
পিছে সকলো সিদ্ধান্ত
তোমাৰ হাতত ।
সেয়ে তাহানিও কৰা নাই
আজিও আপত্তি নকৰোঁ
জিলিকি থাকা আনৰ
আঙুলিৰ ফাকত ,
সৃষ্টি কৰি জীয়াই থাকা
ভাল মানুহৰ হাতত
ভাল মানুহৰ হাতত।