কলম্বিয়াত সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- কলম্বিয়াত সংঘটিত হৈছে ভয়ংকৰ এক বিমান দুৰ্ঘটনা। কলম্বিয়াৰ প’ৰ্ট’ লেগুইজামোত সোমবাৰে উৰণৰ কিছু সময়ৰ পাছতে ১২১ জন লোক থকা সামৰিক পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ এই দুৰ্ঘটনাত প্ৰায় ৬৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহুতো লোক আহত হয় ৷ কলম্বিয়া ৰক্ষা মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি, কলম্বিয়াৰ দক্ষিণ এমাজন অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনাতো। মাৰ্কিন হৰকুলিস্ক চি-১৩০মডেলৰ সেনা বাহিনীৰ এই বিশাল বিমানখনক যান্ত্ৰিক কিছু বিজুতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিমানখন উৰণৰ পিছত ৩কিঃমিঃ বাট অতিক্ৰম কৰাৰ পাছতে সংঘটিত হৈছিল দুৰ্ঘটনাতো। বায়ুসেনাই এক বিবৃতিত কয় যে দুৰ্ঘটনাস্থলীৰ পৰা কমেও ৭৭ জন আহত লোকক উদ্ধাৰ কৰা হৈছে । মৃতকৰ সংখ্যা চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই অনলাইনত প্ৰকাশ কৰা সামৰিক কমাণ্ডৰ এক বিবৃতিত এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছিল । বায়ুসেনাই জনোৱা মতে, হাৰকিউলিছ চি-১৩০ বিমানখনত ১১০জন জোৱান আৰু ১১জন ক্ৰুকে ধৰি ১২১জন লোক আছিল ।
