কলমটো
হীৰক কলিতা , নলবাৰী
এবুকু বেদনাই আশ্ৰয়
লৈছে এটি কলমৰ তলত
মোৰ অপৰিপক্ক শব্দৰ
গভীৰতা বুজি পায়
একমাত্ৰ কলমটোৱে…
নিৰাশাৰ কুঁৱলী ভেদি
সুখৰ ৰ’দজাকৰ অপেক্ষা
কৰায় মোৰ কলমটোৱে…
মোৰ অশ্ৰুক সামৰি
ৰাখিছে মোৰ কলমটোৱে ,
মোৰ সাহসৰ সংগী হৈছে
মোৰ কলমটোৱে ইয়াতকৈ
ভাল সংগী জানো আছে
ক’ৰবাত…।