কলখাৰৰ সোৱাদ – ৰশ্মি ৰেখা দুৱৰা

কলখাৰৰ সোৱাদ 
 ৰশ্মি ৰেখা দুৱৰা
বহুদিনেই হ’ল জিভাই কলখাৰৰ সোৱাদৰ অভাৱ অনুভৱ কৰিছে।সৰু থাকোঁতে আইতাৰ হাতেৰে ৰন্ধা কলখাৰৰ আঞ্জা মাজে-সময়ে সোৱাদ লোৱাৰ সুবিধা পাইছিলোঁ।কলখাৰ স্বাস্থ্যৰ বাবেও বহু উপযোগী।কিন্তু দৈনিক খোৱাৰ পৰাও বিৰত থকাটো প্ৰয়োজনীয়।
কলখাৰ প্ৰস্তুত কৰিবৰ বাবে ভীমকলৰ বাকলি শুকুৱাই ৰাখিব লাগে।আপোনাৰ ঘৰত যদি ধোঁৱাচাং আছে,ধোঁৱাচাঙতো তুলি থব পাৰে।যেতিয়া প্ৰয়োজন হয় কলৰ বাকলি জুইত পুৰি পানীত জুবুৰিয়াই থব লাগে।পানীখিনিৰ ৰং ৰঙচুৱা বৰণৰ হয়।ওপৰলৈ নিগৰি অহা পানীখিনি চেকনিৰে চাকি আঞ্জাত দি ৰান্ধিব পাৰি।ভীমকলৰ বাকলিৰ উপৰিও ভীমকল গছৰ  মুঢ়া,কলপটুৱা আদি শুকুৱাই জুইত পুৰিয়ো কলখাৰ প্ৰস্তুত কৰিব পাৰি।আইতাই সঘনাই ৰন্ধা এবিধ কলখাৰৰ আঞ্জা হৈছে- মৰাপাটৰ খাৰ।এই আঞ্জা ৰান্ধিবৰ বাবে মৰাপাট,খুন্দু চাউল বা পিঠা আৰু কলখাৰ দৰকাৰ হয়।আঞ্জাখন খুবেই সোৱাদযুক্ত হয়।আপুনি নিজৰ জিভাৰে সোৱাদ লোৱাৰ সুবিধা নাপালে হয়তো বুজিব নোৱাৰিব।তদুপৰি মাটি দাইল,অমিতা আদিতো খাৰ দি ৰন্ধা হয়।যিবোৰ খাদ্য সহজে নিসিজে,তেনে খাদ্যত খাৰ ব্যৱহাৰ কৰা হয়।
জানিবলৈ পোৱা মতে আগৰ দিনত নিমখ সহজে উপলব্ধ নাছিল।নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰিছিল।অসমীয়া সমাজত কিছু ঠাইত মৃতকৰ সকামত খাৰ মাছ ৰন্ধা হয় অৰ্থাৎ মাছৰ আঞ্জাখন খাৰ দি ৰন্ধা হয়।খাৰ খোৱাৰ উপৰিও বাচন ধোৱা,কাপোৰ ধোৱা আদিত ব্যৱহাৰ কৰা হয়।কাপোৰ আৰু বাচন ধুবৰ বাবে ব্যৱহাৰ কৰা খাৰ বিধ হৈছে ধান খেৰৰ খাৰ।ধানৰ খেৰ জ্বলোৱা ছাইবোৰ পানীত তিয়াই থলে নিগৰি ওলোৱা পানীখিনি অৰ্থাৎ ধানখেৰৰ খাৰ খিনিয়ে বাচন আৰু কাপোৰ ধুলে চফা হয়।বিশেষকৈ মুগা কাপোৰ আৰু এৰী কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা হয়।
অতীজতে অসমীয়াৰ ঘৰে-ঘৰে ধোঁৱাচাঙত ভীমকলৰ শুকান বাকলি দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমানে ধোঁৱাচাং খুবেই কমকৈহে দেখিবলৈ পোৱা যায়।বহুদিনৰ মুৰত হ’লেও খাৰ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপযোগী।