কলকাতাৰ হোটেলত বিধ্বংসী অগ্নিকাণ্ড

কলকাতাৰ হোটেলত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাত এখন হোটেলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোটেলখনৰ নাম হৈছে ঋতুৰাজ হোটেল।  মঙলবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত প্ৰায় ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কলকাতা আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে এক টাস্ক ফ’ৰ্চ। অভিযোগ অনুসৰি ছয় মহলীয়া ৰিতুৰাজ নামৰ হোটেলখনৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ সময়ত হোটোলখনত নাছিল অগ্নি নিৰ্বাপনৰ কোনো সু-ব্যৱস্থা। যাৰ ফলত দ্ৰুত গতিত জুই বিয়পি পৰি এই কৰুণ ঘটনাৰ সৃষ্টি হ’ল।  জুই লগাৰ পিছত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীকখবৰ দিয়া হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা আৰম্ভ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে। অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিলে যদিও পুৱালৈকে ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰিছে। ঘটনা সম্পৰ্কত তেওঁ কয়, গোটেই নিশা ধৰি চলা উদ্ধাৰ অভিযানৰ ওপৰত তেওঁ দৃষ্টি ৰাখিছিল। এ এন আইৰ আগত প্ৰকাশ কৰা এক মন্তব্যত তেওঁ কয়, হোটেলখনৰ ভিতৰত জুই নুমুৱাবলৈ কোনো সামগ্ৰী জমা নথকাৰ বাবে মুঠ ১৪ জন লোকৰ মৃত্যু হৈছে। ইতিমধ্যে ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।” কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমে জনোৱা অনুসৰি এই ঘটনা কেনেদৰে সংঘটিত হ’ল তাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।ফৰেনছিকৰ দল এটাও ঘটনাস্থলীত উপস্থিত হোৱাৰ কথা। ফৰেনছিকৰ দলটোৱেও সমগ্ৰ ঘটনাৰ তদন্ত কৰিব।  জানিব পৰা মতে বুৰাবজাৰত সংঘটিত  এই অগ্নিকাণ্ডত মৃত্যু হোৱা ১৪ জনৰ ভিতৰত ১১ জন পুৰুষ, এগৰাকী মহিলা, আৰু দুটা শিশু। আৰক্ষীৰ সূত্ৰ অনুসৰি ১৪ জন লোকৰ ভিতৰত ৮ জনৰ মৃতদেহ চিনাক্ত কৰা হৈছে। বাকীসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই ঘটনাত আহত লোকৰ সংখ্যা ১৩ জন। ইয়াৰে ১২ জনক প্ৰাথমিক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। এজন আহত ব্যক্তি চিকিৎসালয়ত ভৰ্তি হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আঘাতপ্ৰাপ্ত লোকসকলক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰ টকা দিয়াৰ কথাও ঘোষণা কৰিছে।