কলকাতাক ১৬ ৰাণত পৰাস্ত পঞ্জাবৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আই পি এলত সৰ্বনিম্ন স্ক’ৰ ৰক্ষা কৰি ইতিহাস ৰচনা কৰিলে পঞ্জাব কিংছে। মুল্লাপুৰত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৩১ সংখ্যক মেচত পঞ্জাবে প্ৰথমে ১১১ ৰাণ সংগ্ৰহ কৰাৰ পিছত ১৫.১ অভাৰত কলকাতাক ৯৫ ৰাণত অল আউট কৰে । পঞ্জাৱৰ হৈ চাহালে ৪ অভাৰত ৪টা উইকেট দখল কৰি কলকাতাক পৰাজয়ৰ দিশে ঠেলি দিয়ে আৰু কম স্ক’ৰ কৰা ৰোমাঞ্চকৰ মেচত কলকাতাক ১৬ ৰাণত পৰাস্ত কৰি পঞ্জাবে নতুন ইতিহাসৰ সৃষ্টি কৰে । ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰা আয়োজক দল পঞ্জাব কিংছক ১৫.৩ অভাৰত ১১১ ৰাণত আল আউট কৰে কলকাতা নাইট ৰাইডাৰ্ছে ।পঞ্জাৱৰ এজনো বেটছমেনে ধাৰাবাহিকভাৱে খেলিব পৰা নাছিল ।পঞ্জাৱৰ হৈ প্ৰভসীমৰনে সৰ্বাধিক ৩০ ৰান আৰু প্ৰিয়াংশে ২২ ৰান সংগ্ৰহ কৰে। কলকাতাৰ হৈ হৰ্ষিত ৰাণাই তিনিটা উইকেট, বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰিনে দুটাকৈ উইকেট,এৰিক নৰ্খিয়া আৰু বৈভৱ অৰোৰাই ১টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আই পি এলত সৰ্বনিম্ন স্ক’ৰ ৰক্ষা কৰাৰ অভিলেখ আছিল চেন্নাই ছুপাৰ কিংছৰ নামত । ২০০৯ চনৰ আই পি এলত চি এছ কেয়ে ১১৬/৯ ৰাণৰ স্ক’ৰ ৰক্ষা কৰিছিল ।