কলংক
কৃষ্ণ দাস
দেশৰ বাবে, দহৰ বাবে
পাহৰি নিজৰ লক্ষ্য
কৰিলি দাসত্বত স্বাক্ষৰ।
হেৰুৱালি তোৰ নিজস্ব।
পাহৰিলি তই চিঞৰি চিঞৰি লোৱা
দেশৰ বাবে দহৰ বাবে সেই সংকল্প।
ক’ত আজি তোৰ
সেই জাতিসত্তা।
নাথাকিব আৰু তোৰ ওপৰত
কোনো আশ্বাস
হেৰুৱালি তই
প্ৰতি অসমীয়া বিশ্বাস।