কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী)ৰ ১০-১১ জুলাই, ২০২৫ ত গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক কমিটিৰ সভাই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন স্থানত ব্যাপক উচ্ছেদ অভিযান সংগঠিত কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। গোৱালপাৰাৰ হাচিলা বিল, ধুবুৰী জিলাৰ চাপৰ, আলমগঞ্জ, নলবাৰী জিলাৰ বৰক্ষেত্ৰী-বাকৰিকুছি আদি সংখ্যালঘু বসতিপ্রধান অঞ্চলসমূহত ব্যাপক আৰু নির্মম উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদ কাৰ্যক ন্যায্যতা দিয়াৰ বাবে মুখ্যমন্ত্রী গৰাকীয়েই উৎকট সাম্প্রদায়িক প্রচাৰৰো নেতৃত্ব দিছে। বংগমূলীয় মুছলমান সম্প্রদায় মানেই বাংলাদেশী, বেদখলকাৰী আদি আখ্যা দি এই সম্প্রদায়ৰ লোকসকলক নাগৰিক অধিকাৰসমূহৰ পৰা বঞ্চিত কৰাটোৱে চৰকাৰৰ মূল লক্ষ্য হৈ পৰিছে। এনে অৱস্থাত সংখ্যালঘু সম্প্রদায়ৰ লোকসকল চৰম অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।আকৌ কামৰূপ জিলাৰ পলাশবাৰী বৰদুৱাৰ বাগান, ৰামপুৰ দৰাবিল,উত্তৰ লক্ষীমপুৰৰ ফুকনৰ হাট, দেবেৰা দলনি আৰু খ্ৰীষ্টান, কার্বি আংলং জিলাৰ বৰজান, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাশবাৰী আদি স্থানত হাজাৰ হাজাৰ বিঘা মাটিত বসবাস কৰি থকা মূলতঃ জনজাতীয় লোকক উচ্ছেদৰ জাননী দিয়া হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ মাটিৰ পৰাও জনজাতীয় লোকক উচ্ছেদৰ জাননী দিয়া হৈছে। আনকি দীৰ্ঘদিন ধৰি ভোগ দখল কৰি থকা ভূমিহীন প্ৰাক্তন চাহ বনুৱাকো এই চৰকাৰ খনে উচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ৰাজ্যখনৰ ঔদ্যোগীকৰণৰ বাবেই এনেবোৰ মাটি দৰকাৰ বুলি প্রচাৰ চলোৱা হৈছে। উল্লেখযোগ্য যে এডভাণ্টেজ অসমৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই উদ্যোগপতি সকলক বিনামূল্যে মাটি নিদিলে ৰাজ্যখনত কোনো উদ্যোগপতিয়ে শিল্পোদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহে বুলি ঘোষণা কৰি থৈছে। পর্বতঝোৰাত আদানিৰ তাপ বিদ্যুত প্রকল্প স্থাপনৰ বাবে ৩,৪০০ বিঘা কৃষি, বনাঞ্চল আৰু গ্ৰেজিং ভূমিৰ পৰা জনজাতীয় লোকসকলক উচ্ছেদ কৰিব বিচৰা হৈছে।কর্পৰেটৰ স্বার্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যেই চৰকাৰে ইতিমধ্যে ধুবুৰী জিলাত আন্তঃগাঁথনি উন্নত কৰাত মনযোগ দিছে। জিঅ’লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াই উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমূহত দুষ্প্ৰাপ্য খনিজ সম্পদৰ বিশাল ভাণ্ডাৰ থকাটো নিশ্চিত কৰিছে। ধুবুৰী জিলাৰ চান্দৰদিঙা অঞ্চলতে ১৮.২৯ নিযুত টন লোৰ খনি থকাটো নিশ্চিত কৰাৰ পাছত চাপৰ আৰু আলমগঞ্জত উচ্ছেদ অভিযান কোনো কাকতলীয় ঘটনা নহয়। ধুবুৰী জিলাৰ যোগীঘোপাত মাল্টি মডাল লজিষ্টিক পাৰ্ক, ব্রহ্মপুত্রৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগী ৫০০০ কোটি টকা ব্যয় সাপেক্ষ ১৯ কিলোমিটাৰ দৈৰ্ঘৰ দলং নির্মাণ, চম্পা নদীৰ ওপৰত চাৰিখনকৈ দলং নিৰ্মাণ, অসমৰ খনিজ সম্পদ লুণ্ঠনৰ বাবে কৰ্প’ৰেটক ৰঙা দলিচা পাৰি দিয়াৰ দিশতহে চৰকাৰী উদ্যোগ। অসম চৰকাৰৰ নেতৃত্বত চলা অমানৱীয় উচ্ছেদ অভিযানৰ প্রকৃত কাৰণ কর্প’ৰেট গোষ্ঠীক প্রায় বিনামূল্যে মাটি হস্তান্তৰ পৰিকল্পনা। আৰু ইয়াক ন্যায্যতা দিয়াৰ ৰাজনীতি হৈছে সাম্প্রদায়িক প্রচাৰ, তথা উন্নয়নৰ ফটা ঢোল। কৰ্পৰেট গোষ্ঠীৰ লালসা বাস্তৱায়িত কৰাৰ দিশত ংঅসম চৰকাৰে আৰম্ভ কৰা এই উচ্ছেদ অভিযান ক’ত থমকি ৰ’ব সেয়া অনুমান কৰিবলৈ টান। এই উচ্ছেদ অভিযানে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোককেই ক্ষতিগ্রস্ত কৰিব। সেয়ে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শর্মা চৰকাৰখনে আৰম্ভ কৰা ব্যাপক আৰু অমানৱীয় উচ্ছেদ অভিযানৰ প্ৰকৃত কাৰণ বিবেচনা কৰি এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে জাতি-ধর্ম-ভাষা নির্বিশেষে সকলো দেশপ্রেমিক লোকক ঐক্যবদ্ধভাৱে থিয় দিয়াৰ বাবে চি পি আই (এম)ৰ ৰাজ্যিক কমিটিৰ সভাই আহ্বান জনায়।