কমেডি কিং কপিল শৰ্মা – নাজবিন চুলতানা

pc Outlook India

কমেডি কিং কপিল শৰ্মা

নাজবিন চুলতানা
পাটসাঁকো, শিৱসাগৰ

১৯৮১ চনৰ ২ এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰত এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল কমেডি কিং কপিল শৰ্মা । কপিল শৰ্মাৰ প্ৰকৃত নাম আছিল “কপিল পুঞ্জ” । কিন্তু টেলিভিছনত অহাৰ পূৰ্বে নিজৰ ব্যক্তিগত কাৰণৰ বাবে “কপিল শৰ্মা” পৰিচয় ল’লে । কপিল শৰ্মাৰ পৰিয়ালত আছিল পিতৃ,মাতৃ,ভগ্নী আৰু ভ্ৰাতৃ । বৰ্তমানত তেওঁৰ পৰিয়ালত আছে তেওঁৰ মাতৃ , পৰিবাৰ আৰু তেওঁলোকৰ এজনী ছোৱালী আৰু এটি ল’ৰা । তেওঁৰ পিতৃৰ নাম জিতেন্দ্ৰ কুমাৰ আৰু মাতৃৰ নাম জনক ৰাণী। কপিল প্ৰথম অৱস্থাত পৰাই এজন অগাধ ব্যক্তিত্বৰ অধিকাৰী আছিল । তেওঁৰ পিতৃ-মাতৃ খুহুতীয়া হাস্যৰসপূৰ্ণ লোক আছিল যাৰ বাবে কপিলৰ এই কমেডি গুণৰ কৃতিত্ব তেওঁৰ পিতৃ-মাতৃক দিয়ে । সৰুতে কপিলে এজন গায়ক হ’ব বিচাৰিছিল ।

১৯৯৭ চনত কপিলৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যাৰ বাবে কপিলৰ ঘৰখনৰ আৰ্থিক অৱস্থাক দুৰ্বল কৰি পেলাইছিল । কপিলে স্কুলীয়া শিক্ষা শেষ হোৱাৰ পাছত কলেজ পঢ়াৰ লগতে পি. চি .অ. ,জেনেৰেল ষ্ট’ৰত কাপোৰৰ দোকান আদি সৰু সৰু কামেৰে কৰ্মৰত আছিল। যাৰ জৰিয়তে কপিলে ঘৰৰ দুৰ্বল আৰ্থিকতাৰ অৱস্থাক চম্ভালি লৈছিল । ইমানখিনিৰ পৰিস্থিতিৰ মুখামুখিৰ অন্ততো কপিলে গায়ক হোৱাৰ ইচ্ছা এৰি দিয়া নাছিল । কলেজত কপিল ভাল গায়কৰ স্থান পোৱাৰ লগতে মিমিক্ৰিও কৰিছিল। কপিলক বহুতে ক’ব ধৰিছিল যে তেওঁ ভাল অভিনয় কৰে , অভিনয়ত ভাগ লোৱাৰ চেষ্টা কৰাৰ পৰামৰ্শ আগবঢ়ায় । সেইসময়ত কপিলৰ কলেজত গানৰ বিষয় নাছিল সেয়ে তেওঁ থিয়েটাৰত ভাগ লৈছিল ,তেওঁ ভাবি লৈছিল ইয়াৰ জৰিয়তে তেওঁ অভিনয়ো শিকিব আৰু গান গোৱাৰ সুবিধা লাভ কৰিব । কপিল কলেজীয়া সময়ছোৱাত থিয়েটাৰৰ জৰিয়তে বহুতেই জনপ্ৰিয় হ’ব ধৰিছিল । সেয়ে কলেজৰ পৰা স্কলাৰশ্বিপ লাভ কৰিছিল , তাৰপৰা তেওঁ কমাৰচিয়েল আৰ্টচ্‌ত পথ বাচি লৈছিল । কপিলে জ’ব, থিয়েটাৰ আদি কৰিও ঘৰৰ আৰ্থিক অৱস্থা সুস্থ কৰিব পৰা নাছিল। কপিলে তেওঁৰ পিতৃক প্ৰায়ভেট ৰুমত ৰাখি চিকিৎসা কৰাব বিচাৰিছিল কিন্তু টকাৰ নাটনিৰ বাবে জেনেৰেল ৰোমৰ পৰা প্ৰাইভেট ৰুমলৈ নিব নোৱাৰিলে আৰু ২০১৪ চনত কপিলৰ পিতৃয়ে মৃত্যুক আঁকোৱালি ল’লে । আনকি তেওঁৰ পিতৃৰ মৃত্যুৰ ক্ৰিয়াকৰ্ম কৰিবলৈও কপিলৰ সক্ষমতা নাছিল । সেইসময়ত কপিলৰ বন্ধু সকলৰ সহায়েৰে পিতৃৰ মৃত্যুত কৰিবলগীয়া ক্ৰিয়াকৰ্ম কৰিছিল ।

কলেজীয়া শিক্ষা শেষ কৰি কপিলে বহুতো কাম বিচাৰিছিল । কিন্তু দক্ষ চাকৰি নোপোৱাত এটা পঞ্জাৱী বেণ্ডৰ কোৰাচ গ্ৰুপত নিয়োজিত হৈছিল য’ত তেওঁলোকে বিয়া, ইভেণ্ট আদি অনুষ্ঠানত পৰিৱেশন কৰিছিল । যাৰ জৰিয়তে এটা ৰাতিত ৩০০ টকাৰ উপাৰ্জন কৰিছিল । কপিল শৰ্মাৰ শ্ব’ত ৰাজু বা চন্দু চৰিত্ৰত দেখা পোৱা চন্দন প্ৰভাকৰ আছিল কপিল শৰ্মাৰ ল’ৰালি বন্ধুৰ লগতে কলেজীয়া বন্ধু । কপিলৰ সমানেই চন্দন প্ৰভাকৰেও থিয়েটাৰত অভিনয় কৰিছিল ।

পঞ্জাৱী বেণ্ডত কৰ্মৰত থকা অৱস্থাতে “হস্তে ৰহৌ” শ্ব’ ত অংশগ্ৰহণ কৰিছিল । এইটো শ্ব’ত কপিল ৰানাৰ আপ হৈছিল । ইয়াৰ পৰাই কপিলে ভাবি ল’লে যে তেওঁ মিউজিকত নহয় ষ্টেণ্ড কমেডিতহে গুৰুত্ব দিব। তাৰ পাছতেই কপিলে টেলিভিছন উদ্যোগত বৃত্তি প্ৰতিষ্ঠা কৰিবলৈ মুম্বাইলৈ ঢাপলি মেলিলে । কপিলে ২০০৭ চনত “The great Indian Laughter Challenge ” শ্ব’ ৰ চিজন ৩ ত নিৰ্ণয় প্ৰদৰ্শন (Audition) দিছিল।কপিলক এই শ্ব’ত অস্বীকাৰ কৰিছিল কিন্তু এই শ্ব’ত একেলগে প্ৰদৰ্শন কৰা বন্ধু চন্দন প্ৰভাকৰক বাচি লৈছিল। অস্বীকাৰ কৰাৰ পাছতো কপিলৰ দৃঢ় বিশ্বাস আছিল যে ইয়াত তেওঁ নিৰ্বাচন হ’বই। সেয়ে এইটো শ্ব’ত অন্য চেনেলত গৈ পুনৰবাৰ নিৰ্ণয় প্ৰদৰ্শনৰ সুযোগ লৈছিল। কিন্তু এইবাৰ কপিল নিৰ্বাচন হ’ল আৰু এই শ্ব’ৰ সকলোতকৈ ভাল কমেডিয়ান হিচাপে স্থান পাইছিল। কপিলক বিচাৰকৰ লগতে ৰাইজেও সমৰ্থন জনাইছিল।সেয়ে এই শ্ব’ৰ তেওঁ জয়ী হৈছিল ৱিনাৰ হিচাপে । এই শ্ব’ত জয়ী হোৱাৰ পাছতে টেলিভিছন উদ্যোগত বহুতে কপিলক চিনি পাব ধৰিলে । “The great Indian laughter challenge” শ্ব’ত জিকা টকাৰে কপিলে নিজৰ ভনীয়েকৰ বিয়া ধুমধামেৰে দিছিল । এই জয়ৰ পাছৰ পৰাই কপিলে বহুতো কাম পাব ধৰিলে। ২০০৮ চনত ছোটে মিয়া” শ্ব’ত হৌষ্ট কৰাৰ সুযোগ পাইছিল । ২০০৯ চনত “লাফটাৰ নাইট”,”উস্তাদৌ কা উস্তাদ” আদিত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল ।টেলিভিছন উদ্যোগত কপিলৰ জনপ্ৰিয়তা বাঢ়িব ধৰিলে।সেয়ে ২০১০ চনত কপিলে এখন চিনেমাত কাম কৰিবলৈ সুবিধা পালে যিখন আছিল কপিলৰ প্ৰথম চিনেমা “ভাৱনাঔ কৌ চমঝৌ” আৰু ২০১০ চনতেই ” কমেডি চাৰ্কাছ”ত অংশগ্ৰহণ কৰিলে । এইখন শ্ব’ত ৬টা চিজনলৈ জয় লাভ কৰিছিল। ২০১৩ চনত কপিলে “ঝলকদিখিল আ’জা ” শ্ব’ত চিজন ৬ত হৌষ্ট কৰাৰ সুযোগ পালে ।এই শ্ব’ত হৌষ্ট কৰিয়েই কপিলে কমেডি নাইট কপিলে আৰম্ভ কৰাৰ পৰিকল্পনা ৰচিলে । “Comedy night kopil show” আৰম্ভ কৰাৰ বুদ্ধি UK ৰ “Kumar’s at 42” ৰ অনুকৰণতেই কৰিছিল ।কপিলে Colors চেনেলত আঢ়ৈ বছৰ ধৰি “Comedy night with Kapil show” কৰিছিল । এই শ্ব’ কপিলে ১৯১ টা খণ্ড পূৰ্ণতাৰে চলাই নিছিল। Colors চেনেলত এই শ্ব’ প্ৰদৰ্শন ,কপিলে সপ্তাহত দুদিন হোৱাতো বিচাৰিছিল কিন্তু colors tv য়ে সপ্তাহত এদিন দিছিল। সেয়ে কপিল আৰু কপিলৰ সহযোগীসমূহে colors চেনেলৰ লগত সংযোগ বিচ্ছিন্ন কৰিছিল। কপিল আৰু কপিলৰ গ্ৰুপটোৱে Sony tv অফিচত নতুন অনুষ্ঠানৰ উদ্দেশ্যে প্ৰস্তাৱ আগবঢ়ালে। Sony tv চেনেলে এই প্ৰস্তাৱ স্বীকাৰ কৰিলে । colors চেনেলত কৰা অনুষ্ঠানৰ চুক্তিপত্ৰ অনুসৰি কপিলৰ চৰিত্ৰ আৰু কৌতুকৰ অৰ্থপূৰ্ণ অংশ অন্য অনুষ্ঠানত প্ৰয়োগ কৰিব নোৱাৰাৰ চুক্তিৰ বাবে নতুন পৰিচয়ৰে নতুন চৰিত্ৰৰে আৰম্ভ কৰিলে “The Kapil Sharma Show” ।এই অনুষ্ঠান প্ৰথম সূত্ৰপাততেই জনপ্ৰিয় হৈ উঠিছিল। যেতিয়া কপিলে কমেডি নাইট কপিল শ্ব’ আৰম্ভ কৰিছিল ,কপিলৰ অনুৰোধত কোনো চেলব্ৰিটী আহিবলৈ মান্তি হোৱা নাছিল।কিন্তু কপিলৰ এবাৰ অনুৰোধত বলিউডৰ বিখ্যাত অভিনেতা “ধৰ্মেন্দ্ৰ” তেওঁৰ শ্ব’ত আহিবলৈ ৰাজি হৈছিল ।আৰু ধৰ্মেন্দ্ৰৰ এই উপকাৰ কপিলে আজিও মানে । এই শ্ব’ আৰম্ভ হোৱা অলপদিনৰ পাছতেই ইয়াৰ জনপ্ৰিয়তা খৰকতীয়াকৈ বৃদ্ধি পাব ধৰিলে।বৰ্তমান কপিল কেৱল টেলিভিশ্বনতে নহয় বলিউডতো জনপ্ৰিয় হিচাপে স্থান পালে । ২০১৫ চনত কপিলৰ বৃহৎ সাফল্য লাভ কৰিছিল আব্বাচ মুস্তানৰ ” কিচ্‌ কিচ্‌কৌ প্যাৰ কাৰো” চিনেমাৰ জৰিয়তে ।তাৰ পাছৰখন চিনেমা আছিল ২০১৭ চনৰ “ফিৰংগি” । ২০১৫ চনত কপিলে প্ৰেচিডেণ্ট প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযান সংযোগৰ বাবে এৱাৰ্ড পাইছিল ।যি লোকে কপিলৰ শ্ব’ত আহিবলৈ অমান্তি হৈছিল তেওঁলোকো এতিয়া কপিলৰ অনুৰোধলৈ বাট চাই ।

কপিল শৰ্মা শ্ব’ৰ সদস্যসকলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়তা অৰ্জন কৰা চৰিত্ৰ হৈছে বহুমুখী চৰিত্ৰৰ বিশেষকৈ চপনা চৰিত্ৰৰ কৃষ্ণা অভিশেষ , ড° মশূৰ গুলাটি চৰিত্ৰৰ সুনীল গ্ৰোভাৰ ,কিকু সাৰদা,দাদী/নানী চৰিত্ৰৰ আলি আজগৰ ,সুগন্ধা মিশ্ৰা,ভাৰতী সিং আদি চৰিত্ৰক ৰাইজে বৃহৎ সঁহাৰি জনায়,তদুপৰি এই শ্ব’ শুৱনি কৰা অৰ্চনা পুৰণ নৱোজিৎ সিং সিদ্ধুু পাজী নামবোৰ উল্লেখযোগ্য। কিন্তু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা অষ্ট্ৰেলিয়ালৈ এটা অনুষ্ঠান প্ৰদৰ্শনৰ বাবে যাওঁতে এৰ’প্লেন যাত্ৰাপৰতে কপিল আৰু চুনীলৰ মাজত মতবিৰোধ হয় আৰু সুনীল গ্ৰুভাৰে এই শ্ব’ ত্যাগ কৰে ।

কপিল শৰ্মা ২০১৮ চনৰ ১২ ডিচেম্বৰত গিন্নি ছাৰ্ট্ৰাথ ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।প্ৰেয়সী হিচাপে কপিলৰ দূৰাৱস্থাৰ সময়ত গিন্নিয়ে কপিলক যথেষ্ট লগ দিছিল। ২০১৯ চনত কপিল আৰু গিন্নিৰ এজনী ছোৱালীৰ জন্ম হয় ,তাইৰ নাম আনায়ৰা শৰ্মা আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত এটি ল’ৰাৰ জন্ম হয় যাৰ নাম হৈছে ত্ৰিশান শৰ্মা।

কপিল শৰ্মা এজন মধ্যবিত্ত পৰিয়ালৰ ব্যক্তি হৈও কেইবাবাৰো বিচলিত হৈ থমকি নোৰোৱাৰ সাহস হৈছে শূণ্যৰ পৰা আৰম্ভ হোৱা ব্যক্তিৰ পাৰিশ্ৰমিক যুদ্ধৰ বৃহৎ জয়ৰ নমুনা। বৰ্তমান তেওঁ ভাৰতৰ ধনী কমেডিয়ানৰ অন্যতম এজন লোক।কেৱল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতে তুলপাৰ লগোৱা এটা অনুষ্ঠান কপিল শৰ্মা শ্ব’ হৈছে মানুহৰ মানসিক বিমৰ্ষতাৰ এটা ঔষধ। বিষাদগ্ৰস্থ মনৰ বিধ্বংসী পৰিস্থিতিৰ পৰা এক মুক্তিৰ পথ । অসাধাৰণ প্ৰতিভাৰ সোৱাদ সমৃদ্ধ কপিল শৰ্মা শ্ব’ ৰ জৰিয়তে বহুতে অনুপ্ৰেৰণাৰে জীৱন জীয়াব শিকে । এই অনুষ্ঠানে মানুহৰ ভাগৰুৱা মনক হাস্যৰসেৰে  শক্তি প্ৰদান কৰে।