কমেডিয়ান কপিল শৰ্মাৰ কেফেত গুলীচালনা
ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ মালিকাধীন কেফেত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।পপিল শৰ্মাৰ কানাডাস্থিত এখন কেফেত এই ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। কোনো লোক আহত হোৱা নাই। জানিব পৰা মতে, খালিস্তানী উগ্ৰপন্থী হৰজিৎ সিং লাডীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। কানাডাৰ ছাৰেত অৱস্থিত এই কেফেখনে মাত্ৰ কেইদিনমানৰ পূৰ্বে মুকলি কৰা হৈছিল। নামকৰণ কৰা হৈছে কেপ’ছ কেফে । অভিনেতাগৰাকীৰ পত্নী গিন্নী চত্ৰথে ব্যৱসায় চোৱাচিতা কৰে। কেফেখনত হোৱা গুলীচালনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত কেফেৰ বাহিৰত গাড়ী এখনত মানুহক এজন বহি থকা দেখা গৈছে। হঠাৎ মানুহজনে কপিলৰ কেফেত গুলীচালনা কৰিবলৈ ধৰে। মুঠ ৯টা ৰাউণ্ড গুলীচালনা কৰা হয়। প্ৰকাশিত খবৰ অনুসৰি খালিস্তানী সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল গেঙে এই গুলীচালনাৰ ঘটনাৰ দায়িত্ব লৈছে। এই ক্ষেত্ৰত বাব্বৰ খালছা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে জড়িত সন্ত্ৰাসবাদী হৰজীত সিং ওৰফে লাডীৰ নাম চৰ্চালৈ আহিছে। কুখ্যাত সন্ত্ৰাসবাদী লাডীৰ নাম পূৰ্বেও বহুকেইটা ঘটনাত জড়িত হৈছিল। নিয়াৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাতো অন্তৰ্ভুক্ত হৈছে লাডীৰ নাম।