কমনৱেলথ ভাৰোত্তোলনত অসমৰ ধৰ্মজ্যোতিৰ স্বৰ্ণ জয়
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ধৰ্মজ্যোতি দেউঘৰীয়াই গুজৰাটৰ আহমেদাবাদত চলি থকা কমনৱেলথ ভাৰোত্তোলনৰ প্ৰথমদিনাই নতুন অভিলেখ গঢ়ি সোণৰ পদক অর্জনেৰে আয়োজক ভাৰতৰ হৈ প্রত্যাশিত গৌৰৱময় আৰম্ভণি কৰিছে। ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রামত খেলা ধর্মজ্যোতিয়ে স্নেটচত ৯৭ কিলোগ্রাম ওজন উত্তোলন কৰাৰ লগতে কমনৱেলথ চেম্পিয়নশ্বিপৰ নতুন অভিলেখ গঢ়ি ক্লিন এণ্ড জার্কত ১২৭ কিলোগ্রাম দাঙি মুঠ ২২৪ কিলোগ্রাম ওজন উত্তোলন কৰি সোণৰ পদক লাভ কৰে।অসম সন্তানৰ এই সফলতাৰ বাবেই আহমেদাবাদৰ ক্ৰীড়াস্থলীত দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ঝংকাৰত জাতীয়পতাকা গৌৰৱেৰে উত্তোলিত হয়। অসমৰ গৌৰৱ ধৰ্মজ্যোতি স্বৰূপাৰ্থত ভাৰতীয় ভাৰোত্তোলনৰ নতুন আশা। স্মৰ্তব্য যে চৰাইদেউৰ প্ৰতিভাৱান খেলুৱৈগৰকীয়ে ৰাষ্ট্ৰীয় স্তৰত চমক দিয়াৰ পাছত কেৰিয়াৰৰ দ্বিতীয়খন আন্তর্জাতিক প্রতিযোগিতাতে স্বর্ণ জয় কৰি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষতে ধর্মজ্যোতিয়ে এছিয়ান ভাৰোত্তোলনত ৰূপ লাভ কৰিছিল। আনহাতে আজি আহমেদাবাদত প্রথমটো আন্তর্জাতিক স্বর্ণপদক জয় কৰি দেশৰ হৈ ক্রমাগত দুখন প্রতিযোগিতাতে পদক লাভৰ সফলতা অর্জন কৰিলে। ইফালে, ধৰ্মজ্যোতিৰ এই গৌৰৱময় সাফল্যৰ বাবে খেলুৱৈগৰাকীক শুভেচ্ছা জনাইছে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ‘ভাৰোত্তোলনত অসমৰ গৌৰৱময় যাত্রাক নতুন দিগন্তলৈ আগুৱাই লৈ গ’ল ধর্মজ্যোতিয়ে। প্রথমবাৰৰ বাবে কমনবেলথত খেলি অভিলেখসহ সোণ জয়ৰ সফলতা সমগ্র দেশৰ বাবে আনন্দ আৰু নতুন আশাৰ সাফল্য।’- সোণোৱালে কয়।