কমনৱেলথ গেমছৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াৰ

Pc Khel Now

কমনৱেলথ গেমছৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই কমনৱেলথ গেমছত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰে। ২৮ বছৰীয়া বজৰং পুনিয়াই কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কেজি শাখাৰ ফাইনেলত কানাডাৰ লাচলন মেকনেইলক পৰাস্ত কৰে। বজৰঙে ২০১৮ চনৰ কমনৱেলথ গেমছৰ ফাইনেলত ৱেলছৰ কেন চাৰিগক পৰাস্ত কৰি কমনৱেলথ গেমছত তেওঁৰ প্ৰথম স্বৰ্ণ লাভ কৰিছিল। বজৰঙে কমনৱেলথ গেমছ ২০১৪ ত ৰূপৰ পদক লাভ কৰিছিল।