কমনৱেলথ গেমছত বিন্দ্যাৰাণী দেৱীৰ ৰূপৰ পদক অৰ্জন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ভাৰোত্তোলক বিন্দ্যাৰাণী দেৱীয়ে কমনৱেলথ গেমছত মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। ২৩ বছৰীয়া বিন্দ্যাৰাণীয়ে মুঠ ২০২কেজি উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। যাৰ ভিতৰত আছিল ৮৬ কেজি স্নেচ আৰু ১১৬ কেজি ক্লিন এণ্ড জাৰ্ক। ইয়াৰ সৈতে, ভাৰতে দ্বিতীয় দিনা ভাৰোত্তোলনত চাৰিটা পদক লাভ কৰিছিল।