কমনৱেলথ গেমছত পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় সাঁতোৰবিদ শ্ৰীহৰি নটৰাজৰ

Pc India Today

কমনৱেলথ গেমছত পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় সাঁতোৰবিদ শ্ৰীহৰি নটৰাজৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ২১ বছৰীয়া সাঁতোৰবিদ শ্ৰীহৰি নটৰাজে কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ ত পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেল ২ত চতুৰ্থ স্থান আৰু ছেমি ফাইনেলত ৫৪.৫৫ ছেকেণ্ড সময়ৰ সৈতে সামগ্ৰিকভাৱে সপ্তম স্থান দখল কৰি ফাইনেললৈ অগ্ৰসৰ হয়। ফাইনেলখন আজি ৰাতি অনুষ্ঠিত হ’ব। শ্ৰীহৰি নটৰাজ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ প্ৰথম দিনা ফাইনেলত উপনীত হোৱা একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।