কমনৱেলথ গেমছত এইবাৰ ভাৰতীয় দলত আছে অসমৰ ৭ গৰাকীকৈ সুযোগ্য সন্তান

Pc Wikipedia

কমনৱেলথ গেমছত এইবাৰ ভাৰতীয় দলত আছে অসমৰ ৭ গৰাকীকৈ সুযোগ্য সন্তান

ৰঙিলী বাৰ্ত্তাসেৱা-  ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ল বিশ্বৰ সন্মানীয় কমনৱেলথ গেমছ ২০২২। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীটৰ ইভেন্ট হ’ল কমনৱেলথ গেমছ। বাৰদিনীয়া বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অসমৰ মুঠ ৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।ভাৰতীয় দলত আছে অসমৰ ৭ গৰাকী সুযোগ্য সন্তান।বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা,লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁইয়ে অংশ ল’ব।লাভলীনা বৰগোহাঁই ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ।তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।লাভলীনাই ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।লাভলীনা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে।২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে।২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে। ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা’ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব।উল্লেখযোগ্য যে অসমৰ সুযোগ্য সন্তান হিমা দাসে বিগত ২০১৮ চনৰ গ’ল্ড কষ্ট কমনৱেলথ গেমছতো অংশ লৈছিল।বিশ্ব ২০ অনূৰ্ধ্ব এথলেটিকছত ইতিহাস সৃষ্টি কৰি স্বৰ্ণপদক পোৱাৰ পিছতে হিমাই অংশ লৈছিল কমনৱেলথ গেমছত তাত পদক অৰ্জন কৰিব নোলাৰিলেও হিমাই তাৰ পিছতে জাকাৰ্টাত অনুষ্ঠিত অষ্টদশ এছিয়ান গেমছত স্বৰ্ণপদক অৰ্জনেৰে গৌৰৱান্বিত কৰিছিল দেশবাসীক।এইবাৰ হিমাৰ পৰা কমনৱেলথ গেমছতে আশা কৰা হৈছে পদক।শিৱ থাপা এজন ভাৰতীয় বক্সাৰ। তেওঁক অলিম্পিক গোল্ড কোৱেষ্ট আৰু এংলিয়ান মেডেল হান্ট কোম্পানীয়ে সমৰ্থন কৰে।শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বক্সাৰ আছিল।তেওঁ অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেডত নিযুক্তি লাভ কৰিছে।পপি হাজৰিকা অসমৰ এগৰাকী উচ্চাকাংক্ষী ভাৰোত্তোলক।২৩ বছৰীয়া পপীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছত মহিলাৰ ৫৯ কেজি শাখাত পদক জয় কৰাৰ লক্ষ্য ৰাখিছে।তাচখন্দত অনুষ্ঠিত হোৱা ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰোত্তোলক পপী হাজৰিকাই মহিলাৰ ৫৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিছে।হাজাৰিকাই মুঠ ১৮৯ কিলোগ্ৰামৰ বাবে ৮৪ কিলোগ্ৰাম স্নেচ আৰু ১০৫ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক ত তুলি পোডিয়ামত দ্বিতীয় স্থান দখল কৰে।লন বাউল ইভেণ্টত তানিয়া চৌধুৰী, নয়নমণি শৰ্মা, আৰু মৃদুল বৰগোহাঁইয়ে সন্মানীয় কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।অসম অলিম্পিক সংস্থা এই খেলুৱৈসকলক লৈ আশাবাদী।