ক’ভিড ১৯ ৰ সময় চোৱাৰ কিছু পৰিৱৰ্তন
মেলেং গ্ৰান্ট,যোৰহাট
ক’ভিড ১৯ ৰ সময়চোৱা অতি ভয়ানক আৰু অনিশ্চিত সময় আছিল ,সকলো মানুহ ভয় আৰু উদ্বেগত আছিল।মাৰ্চ ৰ ২০২০ চনৰ শেষৰ ফালে এই ভাইৰাছ ভাৰতৰ প্ৰথম কেছ ধৰা পৰিছিল,লগে লগে এই ভাইৰাছ সকলো ঠাইতে বিয়পি পৰিছিল। ইয়াৰ পিছত সকলোতে দোকান-পোহাৰ ,স্কুল-কলেজ, অফিচ- কাছাৰী সকলো বন্ধু হৈ গৈছিল।ৰাস্তা ঘাট খালি হৈ পৰিছিল মেডিকেল কলেজ আৰু হাস্পিতালত ক’ভিড ১৯ ৰ ৰোগীয়ে ভৰি পৰিছিল, চাৰিও ফালে অকল কান্দোনেৰে ভৰা ক’ভিড ক লৈ যোজ দিয়া আৰু সকলোতে নিৰ্জন নিস্তব্ধ হৈ গৈছিল।যেন চাৰিও ফালে এক ভয়ানক দুৰ্বলতাৰ সৃষ্টি হৈছিল।
মানুহে মৃত্যুৰ ভয়ত নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লগা হৈছিল,কিন্তু মানুহে সেই সময় ত সহানুভূতি আৰু একতাৰ পৰিচয় দিছিল। ক’ভিড ১৯ ৰ সময় ত মানুহে নিজৰ জীৱনত কিছুমান নতুন অভ্যাস গঢ়ি তুলিছিল।মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল,মানুহে নিজৰ পৰিয়ালৰ আৰু বন্ধু বান্ধৱৰ লগত সময় কটাবলৈ শিকিছিল।ক’ভিড ১৯ ৰ সময় আছিল এক কঠিন,কিন্তু এই সময়তো মানুহে নিজৰ শক্তি আৰু একতাৰ পৰিচয় দিছিল , দিন গল, সপ্তাহ গল,মাহ,বছৰ যোৱা পিছত লাহে লাহে ক’ভিড ১৯ ৰ ভয় কমি আহিলে। লোক সকল পুনৰ ঘৰৰ বাহিৰলৈ ওলাবলৈ ধৰিলে।কিন্তু ক’ভিড ১৯ ৰ পৰা মানুহে শিক্ষা
