ক’ভিড-১৯ৰ পিছত বিগত ৫ বছৰত অসমৰ জিএছডিপি দুগুণ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমবাসীৰ বাবে এক ভাল খবৰ। ফিট্ছ গ্ৰুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চ’ৰ সমীক্ষাত উজলিছে অসম। ক’ভিড-১৯ৰ পিছত বিগত ৫ বছৰত অসমে স্থিৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জিএছডিপি বৃদ্ধিৰ গড় হাৰ ৭ শতাংশ কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিৰ হাৰে অসমক অর্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ তিনি ৰাজ্যৰ ভিতৰত স্থান দখলত সহায় কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে একেৰাহে ৫ বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ উচ্চ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ গোটাচেৰেক ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজকে প্রতিপন্ন কৰিছে। এই ৫ বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্রায় দুগুণলৈ বৃদ্ধি হৈছে। ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যৰ কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে ২০০ কোটি টকাৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰাৰ দৰে বিশেষ সাফল্য। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে আজিৰ প্ৰেক্ষাপটত অসমে ৰাষ্ট্ৰীয় প্ৰগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰি আছে। এই বিকাশৰ ধাৰা এনেধৰণে আৰু ৫ বছৰলৈ অব্যাহত ৰাখিলেই ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ১০ লাখ কোটি টকা অতিক্ৰম কৰি এক নতুন শিখৰত আৰোহণ কৰিব। লগতে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্রকাশ কৰাতো বিশেষ ভূমিকা গ্রহণ কৰিব। মন কৰিবলগীয়া এয়ে যে ২০২৪-২৫ বর্ষত জিএছডিপি বিকাশৰ ক্ষেত্ৰত অন্ধ্রপ্রদেশ, অৰুণাচল প্ৰদেশৰ পিছতে অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিডিপিৰ বিকাশৰ ক্ষেত্ৰত অসমৰ তলত থকা ৰাজ্যসমূহ হৈছে-বিহাৰ, ছত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ, পড়ুচেৰী আদি।