ক’ভিড ভেকচিনৰ পার্শ্বক্ৰিয়াৰ ওপৰত গৱেষণা কৰিব অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দলে

ক’ভিড ভেকচিনৰ পার্শ্বক্ৰিয়াৰ ওপৰত গৱেষণা কৰিব অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দলে

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দল ক’ভিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ক’ভিশ্বিল্ড বা ক’ভাক্সিন ভেকচিন প্ৰদান কৰাৰ পিছত মানৱ শৰীৰত কিবা পার্শ্বক্রিয়া সংঘটিত হ’ব পাৰে নেকি বা হৈছে নেকি তাৰ ওপৰত গৱেষণা কৰিবলৈ তৎপৰ হৈ পৰিছে। ক’ভিড ভেকচিনৰ পার্শ্বক্ৰিয়াৰ ওপৰত গৱেষণাৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে। উল্লেখ্য যে ক’ভিশ্বিল্ড ভেকচিনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আস্ট্রাজেনেকাই লণ্ডনৰ আদালতত ইয়াৰ পার্শ্বক্ৰিয়াৰ সন্দৰ্ভত স্বীকাৰ কৰাৰ লগে লগেই সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সেয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰৰ লগতে চিকিৎসকৰ দলটোৰ নেতৃত্বত আছে ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, ডাঃ মৃগংকা শেখৰ চলিহা, ডাঃ প্রণামী বৰা আদি। ক’ভিড ভেকচিনৰ পার্শ্বক্ৰিয়াৰ বাবেই হঠাৎ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে নেকি? এনে এক ধাৰণাই ইতিমধ্যে জনসাধাৰণৰ মাজত থিতাপি লৈছে। যি সময়ত জনসাধাৰণৰ মাজত এনে ধাৰণা প্রচলিত হৈ আছে, সেই সময়তে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলে ইতিমধ্যে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। ক’ভিড ভেকচিনৰ বাবে কাৰোবাৰ মৃত্যু হৈছে নেকি? ভেকচিন গ্রহণ কৰাৰ পিছত বৰ্তমানে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ কাৰণ ক’ভিড ৰোগৰ পার্শ্বক্রিয়া নেকি? সেই সন্দর্ভত দলটোৱে এক সম্যক বৈজ্ঞানিক অধ্যয়ন চলাব। বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ দলটোৱে এক বিস্তৃত গৱেষণামূলক কাম হাতত লৈছে। গৱেষকৰ দলটোৱে কয় যে ক’ভিড আক্রান্ত সকলো ৰোগী আৰু যিসকলে ক’ভিড ভেকচিন সম্পূৰ্ণৰূপে প্রদান কৰিছে তেওঁলোকে এই গৱেষণাত অংশগ্ৰহণ কৰি ভয়ৰ পৰা মুক্ত হ’ব আৰু লগতে সমাজখনক সঠিক তথ্য প্ৰদান কৰাত সহায় কৰিব বুলিও আশা প্রকাশ কৰিছে গৱেষকৰ দলটোৱে। এই গৱেষণাত অংশগ্ৰহণ কৰা চিকিৎসকৰ দলটোত আছে চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ শ্রীমন্ত মাধৱ বৰুৱা, হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগংকা শেখৰ চলিহা, অধ্যাপক ডাঃ প্ৰণামী বৰা। ৰেডিঅ’লজী বিভাগৰ গৱেষক ছাত্র ডাঃ অনিছ হাজৰা আৰু গৱেষক ছাত্র ডাঃ শ্যামজিৎ লক্ষ্মণ। উল্লেখ্য যে নীতিগতভাবে গবেষণাত অংশগ্ৰহণ কৰাসকলৰ নাম আৰু ঠিকনা গোপনে ৰখা হ’ব বুলি গৱেষকৰ দলটোৱে জানিবলৈ দিয়ে।