ক’ভিডৰ বাবে কেইবাখনো শিক্ষানুষ্ঠানক কনটেইনমেণ্ট জন’ ঘোষণা

ক’ভিডৰ বাবে কেইবাখনো শিক্ষানুষ্ঠানক কনটেইনমেণ্ট জন’ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ বন্ধ হ’ব নেকি শিক্ষানুষ্ঠান?ক’ভিডৰ বাবে কেইবাখনো শিক্ষানুষ্ঠানক কনটেইনমেণ্ট জন’ ঘোষণা। ক’ভিডৰ পাছত দীৰ্ঘদিন বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰা হৈছিল যদিও ইখনৰ পাছত সিখন বিদ্যালয়ত ক’ভিড সংক্ৰমণ হোৱাত এতিয়া অভিভাৱক সকলো চিন্তিত হৈ পৰিছে। বৃহস্পতিবাৰে গুৱাহাটী মহানগৰত দুখন শিক্ষানুষ্ঠানক কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে। কামাখ্যা হাইস্কুলত প্ৰধান শিক্ষকৰ উপৰিও গাড়ীগাওঁ বালিকা মোক্তাবৰত তিনিগৰাকী শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাত প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে। মহানগৰত দুখনকৈ বিদ্যালয় কামৰূপ জিলা প্ৰশাসনে ক’ভিড সংক্ৰমণৰ বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিয়াৰ পাছত চাবুৱাতো অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে স্কুল পৰিদৰ্শকে।উক্ত বিদ্যালয়খনত ৪ জন শিক্ষক আৰু ২ জন ছাত্ৰ দেহত ক’ভিড ধৰা পৰাৰ পাছতেই ডিব্ৰুগড় জিলা স্কুল পৰিদৰ্শকে এই নিৰ্দেশ জাৰি কৰে।