কবৰস্থানৰ পৰা খান্দি উলিওৱা হ’ল ফাইজানৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- কবৰস্থানৰ পৰা খান্দি উলিওৱা হ’ল ফাইজানৰ মৃতদেহ। ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা কলকাতা চি আই ডিয়ে খান্দি উলিৱালে তিনিচুকীয়াৰ সন্তান ফাইজানৰ মৃতদেহ। ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে। ফাইজানৰ মৃত্যুত সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে। এতিয়াও ন্যায় নোপোৱা পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান দিনৰ আগতে ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্ত। যাৰ বাবে চি আই ডিৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। আজি এই তদন্তৰ খাতিৰতেই চি আই ডিয়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াই।