কবৰত এপাহ গোলাপ – মুন শৰ্মা

Pc Peakpx
চুটিগল্প
কবৰত এপাহ গোলাপ
মুন শৰ্মা,লখিমপুৰ
বৰষুণ জাক কমি আহিছে হয়, কিন্তু সম্পূৰ্ণ বন্ধ হোৱা নাম লোৱা নাই। কিছু সময় আগত বৰষুণ জাক যদিও বহুত বেছি আছিল মানুহৰ সমাগম কম হোৱা নাছিল। সকলোৱে মুখত অনবৰতে কথা  ঘুৰিছিল, ছোৱালী জনী  বিষয়ে।
মাত্ৰ এটা চুকত নিচুপ হৈ বহি আছিল  অবিনাশ।  জীৱন ৰ বহু বসন্ত অজস্ৰ সুখ বাকী আছিল তাৰ লগতে অসংখ্য কাহিনী বাকী আছিল  কিন্তু নিয়তিৰ পৰিহাস সি আজি নিসংগ হৈ পৰিল।
মাজনিশা  দুৰ্ঘটনাই এমিনিটৰ ভিতৰত ভাগি যোৱা সুখ বোৰ মৰম বোৰ  হাঁহি বোৰ বিচাৰি নোপোৱা বেদনাত সি হাহাকাৰ কৰি ফুৰিছে। কোনো দিন নাহে বুলি বুজি পোৱা তাৰ মনে মাত্ৰ নিগৰি যাব দিছে টপত চকুলো বোৰ।
এতিয়া বৰষুণ একে বাৰে শেষ লাইন পাতি পাতি মানুহ বোৰ আহিছে তাৰ কাষলৈ তাৰ মূৰত হাত থৈ সান্তনা দি দি আঁতৰি গৈছে শেষত  দুপৰীয়া টোৰ এই কবৰ স্থানত অকল মাত্ৰ সি হে থাকিল।
কি কৰিব ক’ত যাব তাৰ সুখৰ কাৰেং যে কিছু পৰ আগতে সুখ বোৰ উৰি গুচি গল , ভালপোৱা বোৰ বিৰহ লৈ ৰূপান্তৰ হৈ উৰি আছে গোটেই ভিতৰ খনত তাত সি কিবা শান্তি পাব। ভাবনা গধূৰ মন ভাবনা হেচাত  তাৰ অজানিতে কণ্ঠত অৰ্তনাদ ভাঁহি আহিল যেন ইমান সময় তাৰ মনত বেদনাই পাৰ ভাগি পলয় নমাব।
তাৰ অৰ্তানাদ শুনি আগুৱাই আহিছিল তাৰ বন্ধু ৰাহুল।  অবিনাশ, অবিনাশ বহু বাৰ মতা পাছতো তাৰ কোনো উত্তৰ অহা নাছিল মাত্ৰ অবিনাশে কান্দিছিল তাৰ সাৱটি ধৰিছিল বহু সময় ৰাহুলে বুজাইছিল কিন্তু  সি শান্ত হ’ব পৰা নাছিল। হঠাৎ তাৰ চকু পৰিছিল, ৰাহুলৰ হাতত এপাহ গোলাপ। তাৰ হাতৰ পৰা খুজি কৈছিল তাৰ পাছত আগুৱাই গৈছিল তাৰ পত্নী কবৰ পিনে লাহে কৈ সি ফুল পাহ তাত দি কিছু সময় মৌন হৈ পৰিছিল কাষত ৰাহুল, বৰষুণ জাক আকৌ আহিছিল কিছু সময় পিছত ৰাহুল ক সি সাৱটি ধৰিছিল তাক বিদায় দি ব্যস্ত পথ টোত সি হেৰাই গ’ল, আৰু কোনো দিন এই চহৰৰ ব্যস্ত পথত তাক দেখা নগ’ল কেতিয়াও কাৰণ চিনাকি চহৰ এৰি কত গ’ল কেনি গ’ল কোনেও খবৰ নাপালে কোনো দিন।